NORTHEAST NOW (Assamese)
অসম

এটা ৰঙালাওৰ ওজন ১১৫৮ কিলোগ্ৰাম ! দেখি আচৰিত বহুজন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 8, 2022 7:52 pm
এটা ৰঙালাওৰ ওজন ১১৫৮ কিলোগ্ৰাম ! দেখি আচৰিত বহুজন

এটা ৰঙালাওৰ ওজন ১১৫৮ কিলোগ্ৰাম ! হয় কথাষাৰ আচৰিত যেন লাগিলেও এয়া সঁচা। এনে ৰঙালাও এতিয়া দেখিবলৈ পোৱা গৈছে আমেৰিকাত।ৰঙালাওটোৱে এতিয়া ওজনৰ দিশৰ পৰা উত্তৰ আমেৰিকাৰ ভিতৰতে অভিলেখ সৃষ্টি কৰিছে। জানিব পৰা মতে আমেৰিকাৰ নিউয়ৰ্কৰ স্কট এণ্ড্ৰেছ নামৰ লোক জনে তেওঁৰ ফাৰ্মত এই বিশাল ৰঙালাওটো উৎপাদন কৰিছে।

নিউয়ৰ্কত অনুষ্ঠিত হোৱা ‘দ্য গ্ৰেট পামকিন ফাৰ্ম’ নামৰ প্ৰতিযোগিতাখনত ৰঙালাওটোৱে দ্বিতীয় শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিছে। ৰাঙলাওটোৱে উত্তৰ আমেৰিকাৰ সৰ্ববৃহৎ ৰঙালাও হিচাবে অভিলেখ সৃষ্টি কৰিছে।

প্ৰতিযোগিতাত ইটালীৰ কৃষকে উৎপাদন কৰা ১২২৫ কিলোগ্ৰাম ওজনৰ ৰঙালাওটোৱে প্ৰথম স্থানত থাকি অভিলেখ গঢ়িছে। ৰঙালাও ইমান ওজনৰ হোৱাটো মুঠেও অস্বাভাৱিক নহয়।

ইয়াৰ পূৰ্বেও বিশাল আকৃতিৰ ৰঙালাওৱে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বিশ্বৰ বহু দেশত বিশাল ৰঙালাওৰ খোলাৰে নিৰ্মাণ কৰা নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে।