NORTHEAST NOW (Assamese)
দেশ

প্ৰচাৰৰ সময়ত ‘ফ্লায়িং কিচ’ নিক্ষেপ কৰি বিপদত আপৰ বিধায়ক! এফআইআৰ দাখিল মহিলাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2025 3:30 pm
প্ৰচাৰৰ সময়ত ‘ফ্লায়িং কিচ’ নিক্ষেপ কৰি বিপদত আপৰ বিধায়ক! এফআইআৰ দাখিল মহিলাৰ

আম আদমী পাৰ্টিৰ নেতা তথা সংগম বিহাৰৰ বিধায়ক দীনেশ মহনিয়াৰ বিৰুদ্ধে উত্থাপন হৈছে চাঞ্চল্যকৰ অভিযোগ। নিৰ্বাচনী প্ৰচাৰৰ সময়ত নেতাগৰাকীয়ে ‘ফ্লাইং কিছ’ নিক্ষেপ কৰা বুলি অভিযোগ কৰি এগৰাকী মহিলাই থানাত এফআইআৰ দাখিল কৰিছে।

দীনেশ মহনিয়া দিল্লীৰ সংগম বিহাৰৰ পৰা তিনিবাৰৰ বিধায়ক। যৌন নিৰ্যাতনৰ অভিযোগতো তেওঁ বিপদত পৰিছে।

মহিলাগৰাকীয়ে কয় যে প্ৰচাৰ চলাওঁতে বিধায়কগৰাকীয়ে তেওঁক উৰণীয়া চুমা নিক্ষেপ কৰিছিল।

অভিযোগকাৰীয়ে ঘটনাৰ প্ৰমাণ হিচাপে এটা ভিডিঅ’ থানাত দাখিল কৰে। সেই ভিডিঅ’টোত বিধায়কগৰাকীয়ে সমৰ্থকক চুমা উৰুৱাই দিয়া দেখা গৈছে।

ইয়াৰ পূৰ্বেও বিতৰ্কত লিপ্ত হৈছে দীনেশ। ২০১৬ চনত এইগৰাকী নেতাৰ বিৰুদ্ধে এগৰাকী মহিলাৰ সৈতে অসৎ আচৰণৰ অভিযোগ উত্থাপন হৈছিল।