NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰী মোদীক “যুদ্ধ অপৰাধী” আখ্যা নিউয়ৰ্কৰ নিৰ্বাচিত মেয়ৰ জোহৰাণ মামদানীৰ!

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া November 5, 2025 7:33 pm

নিউয়ৰ্ক চহৰৰ নতুন মেয়ৰ জোহৰণ মামদানীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শাসকীয় ভাৰতীয় জনতা পাৰ্টিক তীব্ৰ সমালোচনা কৰি বিতৰ্কৰ সৃষ্টি কৰিছে।

বিশ্বজনীন মানৱ অধিকাৰৰ বিষয়ত সততে কথা কোৱা ভাৰতীয় মূলৰ ৰাজনীতিবিদগৰাকীয়ে ২০০২ চনত গুজৰাটত সংঘটিত হোৱা সংঘৰ্ষৰ বাবে মোদীক দায়ী বুলি অভিযোগ কৰি তেওঁক “যুদ্ধ অপৰাধী বুলি অভিহিত কৰে।

মামদানীয়ে অভিযোগ কৰিছিল যে “নৰেন্দ্ৰ মোদীয়ে গুজৰাটত মুছলমানক গণহত্যাৰ আয়োজন কৰাত সহায় কৰিছিল,” আৰু মিছাকৈ দাবী কৰিছিল যে “সংঘৰ্ষৰ সময়ত গুজৰাটৰ পৰা মুছলমানক নিৰ্মূল কৰা হৈছিল।

মামদানীয়ে বিজেপি আৰু ইয়াৰ মতাদৰ্শগত অভিভাৱক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক ধৰ্মীয় অসহিষ্ণুতাক প্ৰসাৰিত কৰাৰ লগতে ভাৰতৰ ধৰ্মনিৰপেক্ষ মূল্যবোধক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন কৰিছে।

চিয়েল মিডিয়াত এটা পোষ্টত মামদানীয়ে বাবৰি মছজিদ ভাঙি পেলোৱাক “বিজেপিৰ উচটনি দিয়া এক অত্যাচাৰ বুলি অভিহিত কৰি হিন্দুত্ববাদী গোটসমূহক সমালোচনা কৰে।