NORTHEAST NOW (Assamese)
Popular Stories

সেনাবাহিনীৰ কোনো জাতি-ধৰ্ম নাই: উচ্চবৰ্গৰ নিয়ন্ত্ৰণ সম্পৰ্কত ৰাহুলৰ মন্তব্যক ৰাজনাথ সিঙৰ সমালোচনা

Posted by: নৰ্থ ইষ্ট নাও অসমীয়া Updated by: নৰ্থ ইষ্ট নাও অসমীয়া November 5, 2025 6:07 pm
দেশৰ ৯০ শতাংশ দলিত। বাকী ১০ শতাংশই তেওঁলোকৰ ওপৰত শাসন কৰে। এই ১০ শতাংশই সেনাবাহিনীকো নিয়ন্ত্ৰণ কৰে।’—ৰাহুল গান্ধীৰ এই মন্তব্যক খণ্ডন কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বুধবাৰে তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ নেতাসকলে সেনাৰ ভিতৰতো বিভাজন সৃষ্টিৰ চেষ্টা চলাইছে। ৰাজনাথে ক’লে, “সেনাবাহিনীৰ কোনো জাতি-ধৰ্ম নাই।”

মঙলবাৰে বিহাৰত অনুষ্ঠিত এখন সভাত ৰাহুলে কয় যে, “দেশৰ ৯০ শতাংশ জনসংখ্যা হৈছে দলিত, মহাদলিত, পিছপৰা শ্ৰেণী, অতি পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু। অৱশ্যে দেশৰ সকলো প্ৰতিষ্ঠান আৰু সম্পদ বাকী ১০ শতাংশৰ নিয়ন্ত্ৰণত আছে। আনকি সেনাবাহিনীকো সেই ১০ শতাংশই নিয়ন্ত্ৰণ কৰে।” ৰাহুলৰ এই মন্তব্যক লৈ বিজেপিয়ে ক্ষোভ প্ৰকাশ কৰিছে। বিহাৰৰ নিৰ্বাচনী মঞ্চৰ পৰাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লোকসভাৰ বিৰোধী দলপতিৰ প্ৰতি সঁহাৰি জনায়। তেওঁ কয় যে ৰাহুল গান্ধীয়ে সেনাবাহিনীত সংৰক্ষণৰ দাবী কৰি অৰাজকতা সৃষ্টিৰ চেষ্টা কৰিছে। ৰাজনাথে কংগ্ৰেছ নেতাগৰাকীক গৰিহণা দি কয় যে সেনাবাহিনীক ৰাজনীতিলৈ টানি অনা হৈছে।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগৰে পৰা ৰাহুলে সমগ্ৰ দেশতে জাতি জনগণনা কৰাৰ দাবী কৰি আহিছে। একাংশৰ মতে বিহাৰৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ ‘মণ্ডল ৰাজনীতি ঘূৰাই অনাৰ চেষ্টাও কৰিছে। তেওঁ নিজকে দলিত আৰু জনজাতিৰ মচীহা (উদ্ধাৰকৰ্তা) হিচাপে চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। আৰু এই ধাৰাতে তেওঁ বিহাৰলৈ গৈ সেনাবাহিনীক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। ৰাহুল গান্ধীয়ে কয়, “দেশৰ শীৰ্ষ ৫০০ কোম্পানীৰ মুৰব্বীৰ তালিকা এখন বনালে দেখা যাব যে সেই তালিকাত দলিত বা জনজাতীয় লোকৰ এটাও নাম নাই। সকলোৱেই শীৰ্ষ ১০ শতাংশৰ প্ৰতিনিধি। তেওঁলোকে সকলো চাকৰি পায়। আনকি সশস্ত্ৰ বাহিনীও তেওঁলোকৰ নিয়ন্ত্ৰণত আছে। বাকী ৯০ শতাংশৰ ক’তো প্ৰতিনিধিত্ব নাই।”

ৰাহুলৰ এই মন্তব্যত বিজেপি আক্ৰমণাত্মক হৈ পৰিছে। কালি বিজেপিৰ এজন নেতাই কয়, “ৰাহুল গান্ধীয়ে পুনৰ সীমা অতিক্ৰম কৰিলে। মোডীৰ প্ৰতি থকা তেওঁৰ ঘৃণা ইতিমধ্যে দেশৰ প্ৰতি থকা ঘৃণালৈ পৰিণত হৈছে। সেয়েহে এইবাৰ সেনাকো ৰাহুলে জাতিবাদৰ চকুৰে চাব বিচাৰিছে।”