NORTHEAST NOW (Assamese)
অসম

সকলোকে আচৰিত কৰি হঠাতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণৰ পদত্যাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 19, 2023 2:51 pm
সকলোকে আচৰিত কৰি হঠাতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণৰ পদত্যাগ

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণে তেওঁৰ পদত্যাগ ঘোষণা কৰিছে। বৃহস্পতিবাৰে, তেওঁ নিজেই ঘোষণা কৰিছে যে তেওঁ অহা ৭ফেব্ৰুৱাৰীৰ ভিতৰত পদত্যাগ কৰিব।

প্ৰধানমন্ত্ৰী হিচাপে জেচিণ্ডাৰ অন্তিম কৰ্মদিন ৭ ফেব্ৰুৱাৰী হ’ব। নিউজিলেণ্ড লেবাৰ পাৰ্টিয়ে তেতিয়া তেওঁৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিবলৈ ভোটদান কৰিব।

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় নিৰ্বাচন অহা ১৪ অক্টোবৰত অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে ২০২০ চনৰ নিৰ্বাচনত লেবাৰ পাৰ্টিৰ নেতা জেচিণ্ডা আৰ্ডাৰ্নে নেচনেল পাৰ্টিৰ মুৰব্বী কলিন্সক পৰাস্ত কৰিছিল। এইটো নিউজিলেণ্ডৰ ৫৩ তম সংসদীয় নিৰ্বাচন আছিল।

কৰোনাভাইৰাছ মহামাৰীৰ সফল ব্যৱস্থাপনাৰ বাবে জেচিণ্ডাই দ্বিতীয় কাৰ্যকালতো জিকিছিল।

উল্লেখ্য যে ১৯৯৬ চনত নিউজিলেণ্ডত মিক্সড প্ৰপৰচ’নেল ৰিপ্ৰেজেণ্টেচন (এমএমপি) হিচাপে জনাজাত এক সংসদীয় প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিল। তেতিয়াৰ পৰা দেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত কোনো দলে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই।