NORTHEAST NOW (Assamese)
অসম

আৰু ১৫ দিন পাছত বন্ধ হৈ নেকি যাব PAN কাৰ্ড? লগতে ১০হাজাৰ টকাৰ জৰিমনা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 16, 2020 12:22 pm
pan-card-aadhar-link-1549698132-1569504645

যদি আপোনাৰ পানকাৰ্ড আছে আৰু আপুনি যদি এই কামটো কৰা নাই তেতিয়াহ’লে দহ হাজাৰ টকা জৰিমনা ভৰাৰ বাবে সাজু হওক।

আপুনি যদি অহা ৩০জুনৰ ভিতৰত আধাৰৰ সৈতে পানকাৰ্ড লিংক নকৰে তেতিয়াহ’লে এনে বিপদৰ বাবে সাজু থাকক।

পানকাৰ্ডৰ সৈতে আধাৰৰ লিংক কৰাৰ অন্তিম তাৰিখ হৈছে অহা ৩০ জুন।

আয়কৰ বিভাগৰ আয়কৰ আইনৰ ধাৰা ২৭২বি ৰ অধীনত এই বিষয়ে জাননী জাৰি কৰা হৈছে। জী নিউজৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

ইয়াৰ পূৰ্বে আধাৰৰ সৈতে পানকাৰ্ডৰ লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ, ২০২০ আছিল। কিন্তু কৰ’না ভাইৰাছ অতিমাৰীৰ লকডাউনৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অন্তিম তাৰিখ ৩০জুনলৈকে বৃদ্ধি কৰিছিল।

তদুপৰি, পানকাৰ্ড বনাবলৈ আধাৰকাৰ্ড জৰুৰী কৰা হৈছে।

আয়কৰ আইনৰ মতে যদি দুয়োখন কাৰ্ড লিংক নহয় তেতিয়াহ’লে ৩০জুনৰ পাছত পানকাৰ্ড বন্ধ হৈ যাব।

আনহাতে, ইয়াৰ বাবে ১০হাজাৰ টকা জৰিমনাও আদায় কৰা হ’ব। সেয়েহে এই ১৫দিনৰ ভিতৰত পানকাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰাই ল’ব কোৱা হৈছে।