NORTHEAST NOW (Assamese)
অসম

ক’ৰ’ণাৰ পুনৰ সংক্ৰমণ: অক্টোৱৰলৈ পিচুৱালে নিউজিলেণ্ডৰ সাধাৰণ নিৰ্বাচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 11:06 am
Jacinda

ক’ৰ’ণা ভাইৰাছৰ পৰা মুক্তি পোৱা বিস্বৰ প্ৰথম খন দেশ নিউজিলেণ্ডত পুনৰ ক’ৰ’ণাৰ সংক্ৰমণ আৰম্ভ হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিততে দেশখনত অহা ১৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচন পিচুৱাই দিবলৈ বাধ্য হৈছে চৰকাৰ।

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে আজি এই প্ৰসংগত কয় যে নিউজিলেণ্ড সম্পূৰ্ণ ভাবে ক’ৰ’ণাৰ পৰা মুক্ত হৈ পৰা বুলি ভৱা হৈছিল যদিও ১০২ দিনৰ অন্তত দেশখনত পুনৰ ক’ৰ’ণা ভাইৰাছত কেইবাজনো লোক আক্ৰান্ত হৈছে।

এনে পৰিস্থিতিত ১৯ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰাটো কোনো পধ্যে সম্ভৱ নহয়। সেয়ে নিৰ্বাচন প্ৰায় চাৰি সপ্তাহ পিচুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

সেইমৰ্মে ১৭ অক্টোৱৰত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য ক’ৰ’ণামুক্ত দেশ হিচাবে ঘোষণা কৰা নিউজিলেণ্ডত শেহতীয়াকৈ অকলেণ্ডৰ একেটা পৰিয়ালৰে চাৰিজনকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

তেওঁলোকৰ পৰাই এতিয়ালৈকে ৪৯ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে।

এনে পৰিস্থিতিত বিৰোধী দল বোৰেও নিৰ্বাচন পিচুৱাবলৈ দাবী জনাই আহিছে।

নিউজিলেণ্ডত প্ৰধানমন্ত্ৰী জেচিণ্ডাৰ লেৱাৰ পাৰ্টীৰ স্থিতি অতি সৱল হৈ আছে।  সেয়ে নিৰ্বাচনত এইবাৰো জেচিণ্ডাৰ দলেই সংখ্যাগৰিষ্ঠতা অৰ্জনৰ সম্ভাৱনা অধিক।