NORTHEAST NOW (Assamese)

ভাৰতৰ পৰা যোৱা কাকোৱে প্ৰৱেশ কৰিবলৈ নিদিয়ে এইখন দেশে; জাৰি কৰিলে নিষেধাজ্ঞা

April 8, 2021 2:28 pm · এন ই নাও নিউজ
ফটো সৌজন্য: visafactory

কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱে আতংক বিয়পাইছে ভাৰতত। তাৰেই পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা নিউজিলেণ্ডলৈ যোৱাত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে দেশখনৰ জেছিণ্ডা অৰ্ডেন প্ৰশাসনে।

সদ্যহতে দুসপ্তাহৰ বাবে ভাৰতৰ পৰা কোনো যাত্ৰী নিউজিলেণ্ডত প্ৰৱেশ কৰিব নোৱাৰিব। আনকি নিউজিলেণ্ডৰ নাগৰিকেও এইক্ষেত্ৰত ৰেহাই নাপাব।

বৃহস্পতিবাৰে অকলেণ্ডত এখন সংবাদ মেলত প্ৰধান মন্ত্ৰী অৰ্ডেনে কয়, ‘’ভাৰতৰ পৰা অহা যাত্ৰীসকলক নিউজিলেণ্ডত প্ৰৱেশৰ ক্ষেত্ৰত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে।‘’

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতৰ পৰা অহা কৰ’না আক্ৰান্ত ৰোগীৰ বাবেই এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে এইটো কোন নিৰ্দিষ্ট দেশভিত্তিক বিবেচনা নহয়।

বৃহস্পতিবাৰে নিউজিলেণ্ডৰ সীমান্তত ২৩জন নতুন কৰ’না আক্ৰান্তৰ খৱৰ পোৱা গৈছে। ইয়াৰ ভিতৰত ১৭ জনৰেই ভাৰতৰ সৈতে যোগসূত্ৰ আছে।

এনে পৰিপ্ৰেক্ষিতত অহা ১১এপ্ৰিল দেওবাৰৰ বিয়লিৰ পৰা নিষেধাজ্ঞা কাৰ্যকৰী হ’ব বুলি কোৱা হৈছে। অহা ২৮ এপ্ৰিললৈকে এই নিষেধাজ্ঞা চলিব।

ইয়াৰ পৱৰ্তী সময়ত পৰিস্থিতিৰ পৰ্যালোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব আৰু ভাৰতৰ পৰা নিউজিলেণ্ডলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হ’ব।

ইপিনে, নিউজিলেণ্ডত কৰ’না বাইৰাছৰ সংক্ৰমণ সীমিত। প্ৰায় ৪০দিন ধৰি স্থানীয়ভাৱে গোষ্ঠী সংক্ৰমণ ঘটাৰ কোনো বাতৰি নাই। কিন্তু শেহতীয়াকৈ ভাৰতকে ধৰি বিদেশৰ পৰা কৰ’না আক্ৰান্ত লোক দেশখনৰ সীমান্তত উপস্থিত হোৱাত দেশখনৰ প্ৰশাসনে নতুনকৈ চিন্তা-চৰ্চা কৰিবলৈ লৈছে।

Related News