NORTHEAST NOW (Assamese)
Popular Stories

নৱজাতক শিশুক হাস্পতালৰ পৰা লৈ উধাও কুকুৰ! পৰিয়ালৰ গুৰুতৰ অভিযোগ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 20, 2024 5:36 pm

প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈছিল এগৰাকী মহিলা। চিকিৎসকে মহিলাগৰাকীক প্ৰস্ৰাৱ পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়ে। তাৰ পাছতে মহিলাগৰাকী ইউৰিন সংগ্ৰহৰ বাবে বাথৰুমলৈ যায়।কিন্তু বাথৰুমতে মহিলাগৰাকীয়ে এটা অপৈণত ভ্ৰূণ জন্ম দিয়ে।

পৰিয়ালৰ লোকে অভিযোগ কৰে যে, এই ঘটনাৰ পাছতে পৰিয়ালৰ লোকে তৎক্ষণাত কৰ্তব্যৰত নাৰ্ছক অৱগত কৰে যদিও কিছু পলমকৈহে আহে নাৰ্ছ। পাছত প্ৰসূতিগৰাকীক চিকিৎসালয়ৰ ভিতৰলৈ লৈ যোৱা হয় যদিও সদ্যোজাত ভ্ৰুণটি তাতেই পৰি ৰয়। কিছু সময় পাছত পৰিয়ালৰ লোকে সেই অপৈণত ভ্ৰুণটি চাবলৈ অহাত দেখিলে যে সেই স্থানত নাই৷

এটা কুকুৰে ভ্ৰুণটো মুখত লৈ ওলাই যোৱা দেখিবলৈ পায় পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে কুকুৰটোৰ পিছে পিছে খেদিও উদ্ধাৰ কৰিব নোৱাৰিলে।ঘটনাৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালৰ সৈতে কাজিয়া আৰম্ভ কৰে।

ইয়াৰ পৰৱৰ্তী সময়ত চিকিৎসালয় কৰ্তৃপক্ষই ততাতৈয়াকৈ মহিলাগৰাকীক আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্বাভাৱিকতে চিকিৎসালয়ৰ সুৰক্ষা আৰু চিকিৎসালয়ৰ কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰিছে যে তেওঁলোকে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি আছে, আৰু নিশা কৰ্তব্যত থকাসকলৰ এই ঘটনাৰ সত্যতা আছে নে নাই সেই সন্দৰ্ভত সোধাপোছা কৰা হব। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত কোনো লিখিত অভিযোগ দাখিল কৰা হোৱা নাই।