NORTHEAST NOW (Assamese)
অসম

এন এফ ৰেলৱেৰ ট্ৰেইন বাতিল, যাত্ৰাৰ সালসলনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2020 10:43 pm
Railways to run special trains for stranded migrant workers, students and tourists

এন এফ ৰেলৱেই ট্ৰেফিক ব্লকৰ বাবে কেইখনমান ৰেল বাতিল আৰু যাত্ৰাৰ সালসলনি কৰিছে।

দেওবাৰে (৮ মাৰ্চ) যাত্ৰা কৰিব লগা গুৱাহাটী-মৰিয়নিৰ মাজৰ ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭১৭) বাতিল কৰা হৈছে।

একে তাৰিখত মৰিয়নি-গুৱাহাটীৰ মাজৰ ১৫৭১৮ নম্বৰৰ ইণ্টাৰচিটি ৰেলো বাতিল কৰা হৈছে।

আনহাতে, লামডিং-আলিপুৰদুৱাৰৰ মাজৰ ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭৭০) দেওবাৰে চাপৰমুখৰ পৰা চলিব আৰু লামডিং-চাপৰমুখৰ মাজত বন্ধ থাকিব।

আলিপুৰদুৱাৰ-লামডিঙৰ মাজৰ ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭৬৯) চাপৰমুখত ৰ’ব আৰু চাপৰমুখ-লামডিঙৰ মাজত বন্ধ থাকিব।

লামডিং সংমণ্ডলৰ যোগীজান-যমুনামুখ অংশত দেওবাৰে চাৰিঘণ্টীয়া ট্ৰেফিক ব্লকৰ বাবে এই সালসলনি কৰা হৈছে।

ৰেলৱেই সেই অংশত দিনৰ ১১.৩০ৰ পৰা বিয়লি ৩.৩০ বজালৈ সুৰক্ষামূলক কাম চলাব।