NORTHEAST NOW (Assamese)
অসম

জৰাজীৰ্ণ হৈছে ৫৫ বছৰ সেৱা দি অহা শৰাইঘাট দলং; মেৰামতিৰ বাবে ৯০ দিন বন্ধ থাকিব

Posted by: এন ই নাও নিউজ December 28, 2018 10:26 am
Sharaighat_2

৫৫ বছৰ ধৰি অবিৰাম সেৱা দি অহা ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলংখন মাঘবিহুৰ পিছতে মেৰামতি কৰিবলৈ আগ বাঢ়িছে উত্তৰ-পূব ৰেইলৱেই। তাৰ বাবে ৯০ দিন ধৰি বন্ধ থাকিব দলংখনৰ ওপৰেৰে যান-বাহনৰ চলাচল।

ৰেইলৱেইৰ সূত্ৰটোৱে জনোৱামতে, ইয়াৰ ওপৰৰ প্ৰায় ভগ্ন অৱস্থাত থকা ৮০খন প্লেট বা শ্লেব চিনাক্ত কৰা হৈছে আৰু এই আটাইকেইখন সলনি কৰা হ’ব। ইতিমধ্যে এই কামৰ ঠিকা আবণ্টন দিয়া হৈছে আৰু সংশ্লিষ্ট নিৰ্মাণ সংস্থাটোৱে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

আনপিনে মেৰামতিৰ বাবে সাজু হোৱা বুলি জনায়ো একেটা বিজ্ঞপ্তিতে ৰেইলৱেই দাবী কৰিছে যে শৰাইঘাট দলংখনৰ ওপৰৰ কংক্ৰিটৰ গাঁথনিটোত কিছুমান ফাট দেখিয়েই ভালদৰে অনুসন্ধান নকৰাকৈয়ে সংবাদ মাধ্যমে বাতৰি পৰিৱেশন  কৰিছে। দলংখনৰ প্ৰতি প্ৰকৃততে কোনো ভাবুকি অহা নাই।

উল্লেখযোগ্য যে  ১৯৬৩ চনতে মুকলি কৰা দুইখলপীয়া দলংখনৰ ওপৰ খলপাইদি দৈনিক হাজাৰ-হাজাৰ যান-বাহন পাৰ হয়।

যোৱা ভালেমান দিন ধৰি দলংখনৰ ওপৰিভাগ প্ৰায় জৰাজীৰ্ণ হৈ আছে। ৰেইলৱেই এই ভগ্ন অংশবোৰৰ ওপৰত ষ্টীলৰ শ্লেব দি জোৰা-টাপলি মাৰি চলাই আহিছে।

এতিয়া মেৰামতি কৰিবলৈ ওলোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। এই সময়খিনি যান-বাহনৰ সমুদায় অংশ কাষতে শেহতীয়াকৈ নিৰ্মিত শৰাইঘাটৰ দ্বিতীয়খন দলঙৰ ওপৰেদি অহাযোৱা কৰিব লাগিব। ফলত তীব্ৰ যানজঁটৰ সৃষ্টি যে হ’ব সি ধুৰুপ।