NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱেত চাকৰিৰ সুযোগ; ২৫৯০ টা পদৰ বাবে আবেদন আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2019 2:19 pm

উত্তৰ-পূব সীমান্ত ৰে’লৱেত খালী হোৱা বিভিন্ন পদত চাকৰি লাভ কৰাৰ সুযোগ। উত্তৰ-পূব সীমান্ত ৰে’লৱেই এপ্ৰেণ্টিকচ আইন ১৯৬১ৰ অধীনত এপ্ৰেণ্টিকচ পদত মকৰলৰ বাবে আবেদন পত্ৰ আহ্বান কৰিছে।

এই এপ্ৰেণ্টিকচৰ অধীনত থাকিব ৱেল্ডাৰ, ফিটাৰ, কাৰ্পেণ্টাৰ, ডিজেল মেকানিক, ইলেক্ট্ৰিচিয়ান, এ চি মেকানিককে আৰু বিভিন্ন কাৰিকৰী শাখা।

এই সম্পৰ্কত অধিক জানিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৱেবছাইটত গৈ চাব পাৰিব।

ইচ্ছ্যুক প্ৰাৰ্থীয়ে এপ্ৰেণ্টিকচত পদৰ বাবে আবেদন কৰিবলৈ গড়ে ৫০ শতাংশ নম্বৰসহ দশমমান শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

লগতে প্ৰাৰ্থীসকলে যিয়ো পদত আবেদন কৰিব সেই নিৰ্দিষ্ট পদত আই টি আইৰ প্ৰমাণপত্ৰ থাকিব লাগিব।

এপ্ৰেণ্টিকচত আবেদনৰ বাবে প্ৰাৰ্থীসকলৰ বয়স ১৫ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে এছ চি, এছ টি, অ’ বি চি আদিৰ ক্ষেত্ৰত বয়সৰ কিছু ৰেহাই দিয়া হ’ব।

উত্তৰ-পূব সীমান্ত ৰে’লৱেত মুঠ ২৫৯০ টা পদৰ বাবে আহ্বান কৰা আবেদনৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ।