NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱেত সংযুক্ত হ’ব ‘ফগ পাছ’ আহিলা

November 11, 2018 7:12 pm
Train_fog_Allahabad

শীতৰ দিনৰ কুঁৱলীৰ মাজেৰে নিৰ্বিঘ্নে ৰে’লগাড়ী চলোৱাত সহায়ক হোৱাকৈ চালকক সহায় কৰাৰ বাবে ‘ফগ পাছ’ নামৰ এবিধ লঘু আহিলা সংযুক্ত কৰিবলৈ আগবাঢ়িছে উত্তৰ-পূব সীমান্ত ৰে’লৱে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এগৰাকী মুখপাত্ৰই শনিবাৰে এই কথা প্ৰকাশ কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখপাত্ৰ প্ৰণৱজ্যোতি শৰ্মাই কৈছে যে আহিলাবিধ হৈছে জিপিএছ ভিত্তিক এবিধ কম ব্যয়-বহুল আহিলা। কুঁৱলীৰ বাবে অনুমতিপ্ৰাপ্ত বেগত ৰে’লগাড়ী চলোৱাটো বিপজ্জনক হোৱাৰ সময়ত কামত আহিব।

শৰ্মাই জনাইছে যে এই আহিলাবিধ দৰাচলতে এক দৃশ্য-শ্ৰব্য চালনবিদ্যা সহায়ক ব্যৱস্থা। ইয়ে সমুখত থকা চিগনেল, আৰু লেভেল ক্ৰছিং আদি অন্যন্য জৰুৰী স্থানসমূহৰ বিষয়ে চালকক অৱগত কৰাব। তেওঁ আৰু জনাইছে আহিলাবিধে ৰীয়েল টাইম ভিত্তিক ভইচ নিৰ্দেশনা দিব।

মুখ্যপাত্ৰগৰাকীৰ মতে এই আহিলাবিধ স্থায়ী সমাধান নহয় যদিও যেতিয়াই প্ৰয়োজন হয়, তেতিয়াই চালকে ইয়াৰ সহায় ল’ব পাৰিব। আহিলাবিধৰ ওজন ডেৰ কেজিতকৈ কম আৰু ইয়াত ৰিচাৰ্জেবল লিথিয়াম আয়ন বেটাৰী থাকিব আৰু এবাৰ চাৰ্জ দিলে ই ১৮ ঘণ্টালৈকে চলি থাকিব। তেওঁ আৰু জনাইছে যে উঃ পূঃ সীমান্ত ৰে’লৱেত মুঠ ১,১০১ টা এনেধৰণৰ আহিলা সংযুক্ত কৰা হ’ব।

উল্লেখ্য যে ২০১১ চনত ৰে’লৱে মন্ত্ৰ্য়ালয় গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ নিৰাপত্তা পুনৰীক্ষণ কমিটীৰ (কাকধৰ কমিটী) পৰামৰ্শৰ ভিত্তিত এই আহিলাবিধ প্ৰৱৰ্তন কৰা হৈছে।

কাকধৰ কমিটীয়ে ১০৬টা পৰামৰ্শ দিছে আৰু ইয়াৰে ৬৮টা পৰামৰ্শ সম্পূৰ্ণ গ্ৰহণযোগ্য আৰু ১৯ টাক আংশিকভাৱে গ্ৰহণযোগ্য মৰ্যাদা প্ৰদান কৰা হৈছে।  ভাৰতীয় ৰে’লৱেই ইতিমধ্যে কমিটীখনৰ ২২টা পৰামৰ্শক ব্যৱহাৰিক ৰূপ দিছে।