NORTHEAST NOW (Assamese)

বোকাখাতত ৰাউণ্ড টেবল ইণ্ডিয়া, জোমাটো ফিডিং ইণ্ডিয়াৰ বান সাহায্য

August 9, 2020 8:50 pm · উত্তম শইকীয়া

গুৱাহাটীৰ বেচৰকাৰী সংস্থা ৰাউণ্ড টেবল ইণ্ডিয়া আৰু জোমাটো ফিডিং ইণ্ডিয়াৰ সহযোগত আজি বোকাখাত মহকুমাৰ বানাক্ৰান্ত  আলামী অঞ্চলৰ ৰাগদিয়া, মাজগাওঁ, লাকলঙিয়া আৰু মেদক গাওঁৰ প্ৰায় ৩৫০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীকে আৰু অনান্য লাগতিয়াল সামগ্ৰীসহ একোটা টোপোলা আজি বান ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত বিতৰণ কৰে৷

কভিড ১৯ৰ প্ৰট’কল ৰক্ষা কৰি সংগঠন দুটাই আগবঢ়োৱা এই সাহায্য প্ৰদান কাৰ্যসূচীত বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু স্কাউট গাইড ইণ্ডিয়াৰ প্ৰতিনিধি সকলেও সহযোগ কৰে৷

এই উপলক্ষে সাহায্য সামগ্ৰী বিতৰণৰ অনুষ্ঠানত সংশ্লিষ্ট গাওঁৰ গাওঁবুঢ়া বীৰেণ বৰুৱা, বোকাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল বিনয় ফুকন, আৰু স্থানীয় ব্যক্তি লালন পেগু উপস্থিত থাকে৷

কাৰ্যসূচীৰ নেতৃত্ব লয় ৰাউণ্ড টেবল ইণ্ডিয়াৰ বিষয়ববীয়া ভিনাচ আগ্ৰৱালা আৰু নিতীন আগ্ৰৱালাই৷

সামগ্ৰী বিতৰণ অনুষ্ঠানত বক্তব্য প্ৰদান কৰি সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সংবাদকৰ্মী কৈলাশ পাটোৱাৰীয়ে ৰাউণ্ড টেবল ইণ্ডিয়াৰ এনে মহান কামক প্ৰশংসা কৰে৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাউণ্ড টেবল ইণ্ডিয়াই বোকাখাত মহকুমাত বান সাহায্যৰ লগতে কেতবোৰ জনকল্যাণ  কাৰ্যসূচীও ৰূপায়ন কৰিছিল৷

Related News