সেনা জোৱানক নিৰ্দয়ভাৱে প্ৰহাৰ; টোল প্লাজা কোম্পানীক ২০ লাখ টকা জৰিমনা কৰ্তৃপক্ষৰ

উত্তৰ প্ৰদেশৰ মীৰাটৰ ভুনী টোল প্লাজাত এগৰাকী ভাৰতীয় সেনাৰ জোৱানক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সামান্য বিবাদক লৈ টোল প্লাজাৰ কৰ্মচাৰীয়ে তেওঁক তীব্ৰ প্ৰহাৰ কৰে। ইতিমধ্যে এই ঘটনাত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
সেনা জোৱানক প্ৰহাৰ কৰাৰ অপৰাধত টোল প্লাজাৰ দায়িত্বত থকা সংস্থাটোক ২০ লাখ টকাৰ জৰিমনা বিহিছে। একে সময়তে কোম্পানীটোক চুক্তি ভংগৰ অভিযোগ উত্থাপন কৰি ভৱিষ্যতে টোল সংগ্ৰহৰ নিবিদাত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
যোৱা ১৭ আগষ্টত সংঘটিত হৈছিল এই ঘটনা। মীৰাটৰ গটকা গাঁৱৰ বাসিন্দা সেনা জোৱান কপিল ছুটীৰ পিছত কামলৈ উভতিছিল। সেই সময়ত টোল প্লাজাৰ কৰ্মচাৰীৰ সৈতে হোৱা বাক্-বিতণ্ডা হতাহতিত পৰিণত হয়।
সংস্থাটোৰ কৰ্মচাৰীসকলে অনুশাসন বজাই ৰাখিব নোৱাৰাৰ বাবে তথা পৰিস্থিতি চম্ভালিব নোৱাৰাৰ বাবে চুক্তিৰ চৰ্ত উলংঘা হোৱা বুলি এনএইচএআইয়ে প্ৰকাশ কৰে।
এই সন্দৰ্ভত স্থানীয় থানাত এফআইআৰ দাখিল কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬ অভিযুক্তক।
এনএইচএআইয়ে এক বিবৃতিত কয় যে, “ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীৰ নিৰাপত্তা আৰু মসৃণ যাত্ৰা নিশ্চিত কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। সেনা জোৱানৰ প্ৰতি টোল কৰ্মীসকলৰ এনে আচৰণক আমি তীব্ৰভাৱে গৰিহণা দিছো।”