NORTHEAST NOW (Assamese)

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 14, 2025 4:13 pm

লামডিং ৰেলৱে ষ্টেচনৰ ওচৰত এজন সাংবাদিক প্ৰহাৰ কৰা ঘটনাই দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ঘটনাক লৈ নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এখন জাননী জাৰি কৰিছে।

প্ৰকশিত তথ্য অনুসৰি ৭ ছেপ্টেম্বৰৰ নিশা কাম শেষ কৰি ঘৰলৈ উভতা সময়ত লামডিং ৰেলৱে ষ্টেচনৰ সমীপত সাংবাদিকগৰাকীক এদল দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। প্ৰায় ২০ জনীয়া দলটোৱে তেওঁৰ ওপৰত নির্মম প্ৰহাৰ কৰাৰ পিছত মোবাইল, মটৰচাইকেল, হাতঘড়ী আৰু সোণৰ চেইন লুটপাট কৰি লৈ যায়। সাংবাদিকগৰাকী গুৰুতৰভাৱে আহত হয় আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি লামডিং চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে।

এই আক্ৰমণৰ সংবাদ প্ৰকাশিত হোৱাৰ পিছত স্থানীয় জনসাধাৰণ আৰু লামডিং প্ৰেছ ক্লাবে তীব্ৰ প্ৰতিক্ৰিয়া জনায়। অপৰাধীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ লগতে সাংবাদিকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন হয়।

NHRCৰ বিবৃতিত উল্লেখ কৰা হয় যে, যদি সংবাদ মাধ্যমত প্ৰকাশিত তথ্য সত্য হয়, তেন্তে ই এক গুৰুতৰ মানৱ অধিকাৰ উলংঘন। সেইবাবে আয়োগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক দুই সপ্তাহৰ ভিতৰত সম্পূৰ্ণ ৰিপোৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

সূত্ৰৰ মতে, এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সন্দেহজনক দুজনক সোধ-পোছৰ বাবে জিম্মাত লয়, যদিও আক্ৰমণৰ সময়ত সাংবাদিকগৰাকীয়ে সুৰাপান কৰাৰ অভিযোগ উঠিছে।

Related News