NORTHEAST NOW (Assamese)

NIA ৰ গোচৰত জামিন মঞ্জুৰ; আজিয়েই মুকলি আকাশৰ তললৈ আহিব মানস কোঁৱৰ

July 13, 2020 12:45 pm · কল্পজ্যোতি শইকীয়া
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ। ফাইল ফটো

NIAৰ গোচৰত আজি চান্দমাৰিস্থিত NIA আদালতে জামিন মঞ্জুৰ কৰিছে মানস কোঁৱৰৰ।

সেয়েহে আজিয়েই কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ।

উল্লেখযোগ্য যে, যোৱা ১২ ডিচেম্বৰৰ দিনা গ্ৰেপ্তাৰ হোৱাৰ পাছত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা ১৩/১৯ গোচৰতে গ্ৰেপ্তাৰ হৈছিল মানস কোঁৱৰ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল।

NIA ই চাৰিওকে দেশদ্ৰোহিতাৰ গোচৰ জাপি মাওবাদী সজাবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছিল।

সেই গোচৰতে আজি জামিন লাভ কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰে।

কোঁৱৰৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল জ্যেষ্ঠ অধিবক্তা জিয়াউৰ কামাৰ আৰু শান্তনু বৰঠাকুৰে।

ইপিনে, কাইলৈ সেই একেটা গোচৰতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ শুনানি অনুষ্ঠিত হ’ব।

আনহাতে, সেই একেটা গোচৰতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ অহা ১৬ জুনত শুনানি অনুষ্ঠিত হ’ব।

Related News