NORTHEAST NOW (Assamese)

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত ২১ হাজাৰ কোটি টকাৰ হেৰ’ইন? NIAৰ দাবীত নতুন ৰহস্য

April 24, 2025 11:35 am · এন ই নাও নিউজ, গুৱাহাটী

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে সুদূৰ গুজৰাটৰ সম্পৰ্ক আছে? ষড়যন্ত্ৰৰ শিপা বহু গভীৰলৈ আছে, ইয়াৰ জাল বহু দূৰলৈকে বিয়পি আছে। উচ্চতম ন্যায়ালয়ত এই দাবী NIA (ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা)ৰ।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য্যকান্ত আৰু ন্যায়াধীশ এন কোটিশ্বৰ সিঙৰ বিভাগীয় বিচাৰপীঠৰ সন্মুখত বুধবাৰে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য দাখিল কৰে অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে। তেওঁ কয় যে পেহেলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে হেৰ’ইনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে।

আইনজীৱিগৰাকীয়ে কয় যে এক গোপন সূত্ৰৰ ভিত্তিত শুল্ক আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ বিষয়াসকলে শেহতীয়াকৈ গুজৰাটৰ মুন্দ্ৰা বন্দৰত ২১ হাজাৰ কোটি টকাৰ হেৰ’ইন জব্দ কৰিছে। আফগানিস্তানৰ পৰা প্ৰেৰণ কৰা হৈছিল এই হেৰ’ইন। ইয়াৰ পৰিমাণ আছিল ২,৯৮৮.২ কিলোগ্ৰাম। আন্তঃৰাষ্ট্ৰীয় বজাৰত সেই পৰিমাণৰ হেৰ’ইনৰ মূল্য ২১ হাজাৰ কোটি টকা।

উচ্চতম ন্যায়ালয়ত অতিৰিক্ত ছলিচিটৰ জেনেৰেলগৰাকীয়ে কয় যে এই হেৰ’ইন টেলকম পাউদাৰৰ আঁৰত প্ৰেৰণ কৰা হৈছে। ইয়াৰ আগতেও কেইবাবাৰো আফগানিস্তানৰ পৰা একে ধৰণেৰে হেৰ’ইন পঠোৱা হৈছিল। শেহতীয়াকৈ জব্দ হোৱা হেৰ’ইন দিল্লীৰ নেব চৰাই আৰু আলিপুৰৰ গুদামত মজুত কৰি ৰখা হৈছে।

আইনজীৱীগৰাকীয়ে আদালতত জনোৱা মতে, তদন্তৰ সময়ত NIAৰ বিষয়াসকলে গম পাইছিল যে হেৰ’ইন বিক্ৰী কৰি সংগ্ৰহ কৰা ধন লস্কৰ-ই-তৈবাৰ পুঁজিলৈ প্ৰেৰণ কৰা হয়। এই ড্ৰাগছ সৰবৰাহত কবীৰ তালৱাৰ নামৰ এজন ব্যক্তি সক্ৰিয়ভাৱে জড়িত। লস্কৰ-ই-তৈবাই ভাৰতৰ যুৱক-যুৱতীক ড্ৰাগছ আৰু ব্ৰেইনৱাছ কৰি সন্ত্ৰাসবাদী কামত ব্যৱহাৰ কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত NIA-ই কয় যে আফগানিস্তানৰ পৰা পাকিস্তানৰ আই এছ আই আৰু ইৰাণৰ এজন মধ্যভোগীৰ জৰিয়তে প্ৰায় ৩ হাজাৰ কেজি হেৰ’ইন প্ৰেৰণ কৰা হৈছে। সেই পৰিমাণৰ হেৰ’ইন ইৰাণৰ পৰা গুজৰাট বন্দৰত উপস্থিত হৈছিল। পৰিকল্পনা আছিল হেৰ’ইন বিক্ৰীৰ পৰা পোৱা ধন সন্ত্ৰাসবাদী কামত ব্যৱহাৰ কৰা।

Related News