NORTHEAST NOW (Assamese)

দেশত পুনৰ যুৱতীৰ মৃত্যুৰ ঘটনা! এইবাৰ হোষ্টেলৰ মজিয়াৰ পৰা উদ্ধাৰ NIAৰ বিষয়াৰ কন্যাৰ মৃতদেহ

September 2, 2024 7:40 am · এন ই নাও নিউজ, নতুন দিল্লী
লক্ষ্ণৌত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা মৃত অৱস্থাত উদ্ধাৰ হোৱা যুৱতী অংকিতা ৰাস্তোগী। ফাইল ফটোঃ সংগ্ৰহীত।

লক্ষ্ণৌত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা এইবাৰ উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। নিহত যুৱতীগৰাকী নিয়া (NIA) ৰ এজন আইপিএছ বিষয়াৰ কন্যা বুলি জানিব পৰা গৈছে।

মৃত যুৱতীগৰাকীৰ নাম অংকিতা ৰাস্তোগী বুলি চিনাক্ত কৰা হৈছে। দেওবাৰে লক্ষ্ণৌৰ ৰাম মনোহৰ লোহিয়া বিশ্ববিদ্যালয়ৰ মহিলা হোষ্টেলত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। যুৱতীগৰাকী বিশ্ববিদ্যালয়খনৰ আইনৰ ছাত্ৰী আছিল।

লগতে পঢ়কঃ আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত কেইবাজনো চাকৰিপ্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

হোষ্টেলৰ মজিয়াত অচেতন অৱস্থাত উদ্ধাৰ হোৱাত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

বাতৰি মতে, দেওবাৰে বহু ফোন কৰাৰ পিছতো অংকিতাই দুৱাৰখন নোখোলাত দুৱাৰ ভাঙি প্ৰৱেশ কৰাৰ পিছত অংকিতাক মজিয়াত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়।

যুৱতীগৰাকীয়ে ড° ৰাম মনোহৰ লোহিয়া বিশ্ববিদ্যালয়ত এল এল বি তৃতীয় বৰ্ষত  পঢ়ি আছিল। তেওঁৰ পিতৃ সন্তোষ ৰাস্তোগী দিল্লীত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ মহাপৰিদৰ্শক।

লগতে পঢ়কঃ‘অভিনেত্ৰীসকলৰ সুৰক্ষাৰ দায়িত্ব লওক চৰকাৰে’, তেলেগু চলচ্চিত্ৰ উদ্যোগৰ হৈ আহ্বান সামান্থাৰ

ইতিমধ্যে অংকিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কিন্তু আইপিএছ বিষয়াগৰাকীৰ কন্যাৰ মৃত্যু কেনেকৈ হ’ল সেই ৰহস্য এতিয়াও স্পষ্ট হোৱা নাই। উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Related News