NORTHEAST NOW (Assamese)

এন আই এৰ অভিযান চলিছে আগৰতলাত, এজনক আটক

November 20, 2019 6:20 pm · তন্ময় চক্ৰবৰ্তী
Updated: November 20, 2019 6:23 pm
আটক হোৱা লোকজন। ছবি- নৰ্থইষ্ট নাও।

এন আই এৰ এটা বিশেষ গোটে বুধবাৰে আগৰতলাত অভিযান চলাইছে। এজন ব্যক্তিক আটক কৰা হৈছে।

ব্যক্তিজনৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। খবৰমতে, আটকাধীন ব্যক্তিজন বাংলাদেশী, আৰু তেওঁ আগৰতলাত দিন হাজিৰা কৰি আহিছিল।

এন আই এৰ গোটটোক সহযোগ কৰা ত্ৰিপুৰা আৰক্ষীয়েও ঘটনা সন্দৰ্ভত একো মুখ খোলা নাই।

এন আই এ গোটে আটকাধীন ব্যক্তিজনক এতিয়াও আদালতত হাজিৰ কৰোৱা নাই। সূত্ৰমতে, কোনো গোপন স্থানত তেওঁৰ জেৰা চলি আছে।

যুটীয়া অভিযানটোত মিজোৰাম আৰক্ষীৰ দলো আছিল।

খবৰমতে, এন আই এৰ দলটোৱে কেইবাটাও গোটত বিভক্ত হৈ আগৰতলাৰ লগতে ত্ৰিপুৰাৰ কেইবাটাও স্থানত অভিযান চলাই আছে।

দলটোৱে দুপৰীয়া আগৰতলাৰ কেইবাখনো ম’বাইল ফ’ন আৰু ছিম ব্যৱসায়ীৰ দোকানতো অভিযান চলাইছে আৰু বহু নথি-পত্ৰ জিম্মাত লৈছে।

অভিযানটো সন্ত্ৰাসবাদী কাৰ্য্যকলাপজনিত বুলি ধাৰণা কৰা হৈছে। যোৱা মে’তো আগৰতলাত এন আই এই অভিযান চলাইছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে, তেতিয়াও আগৰতলাত দিন হাজিৰা কৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

পিছত প্ৰকাশ পাইছিল যে সেই লোকজন আছিল নাজিৰ শ্বেখ (২৫)। আৰু তেওঁ জামাত উল মুজাহিদীন বাংলাদেশৰ সদস্য।

Related News