NORTHEAST NOW (Assamese)

ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়ালে নিবিড় মুহূৰ্ত বৰুৱাই

September 20, 2021 6:12 pm · এন ই নাও নিউজ
Updated: September 20, 2021 7:05 pm

ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ।

এইবাৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে যুৱ খেলুৱৈ নিবিড় মুহূৰ্ত বৰুৱাই।

সপ্তম ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া,২০২১ ত টাইকোৱানডো প্ৰতিযোগিতাত সোণৰ পদক জয় কৰিছে নিবিড় মুহূৰ্ত বৰুৱাই।

নতুন দিল্লীৰ প্ৰিতমপুৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত কনিষ্ঠ শাখাৰ ৪৫ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দীতা আগবঢ়াইছিল খেলুৱৈজনে।

উল্লেখ্য যে,নিবিড় মুহূৰ্ত বৰুৱাৰ ঘৰ  ডিব্ৰুগড়  জিলাৰ মৰাণহাট অঞ্চলত।

খেলুৱৈজনে পূৰ্বেও ৰাজ্যিক তথা জিলা পৰ্যায়ত সফলতা অৰ্জন কৰি নিজৰ খেলুৱৈ জীৱন সমৃদ্ধ কৰিছে।

Related News