NORTHEAST NOW (Assamese)
Popular Stories

প্ৰিয়ংকাক কাষত লৈ কি ভাল খবৰ ৰাজহুৱা কৰিলে স্বামী নিকে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 7, 2020 6:53 pm
Priyanka

অসম পৰ্যটনৰ প্ৰাক্তন ব্ৰাণ্ড এম্বেচাদৰ প্ৰিয়ংকা আৰু নিক জোনছে বিবাহৰ পাছত প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে একেলগে ভূমুকি মাৰিছে।

প্ৰিয়ংকা আৰু নিকে তেওঁলোকৰ আহিবলগীয়া নতুন চিৰিজৰ বাবে অতি সোনকালে নৱ বিবাহিত দম্পত্তি সকলৰ সৈতে এক বাৰ্তালাপত অংশ ল’ব।

বৃহস্পতিবাৰে এই সম্বন্ধে নিকে টুইটাৰত ভিডিঅ’ আপলোড কৰে আৰু তেওঁ অনুষ্ঠানটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে বুলি কয় আৰু তেওঁলোকৰ অনুষ্ঠানত নৱ বিবাহিত দম্পত্তি সকলকো অংশগ্ৰহণৰ বাবে আহ্বান জনায়।

‘‘প্ৰিয়ংকা আৰু মই নতুন কামটোক লৈ অধীৰ আগ্ৰহেৰে ৰৈ আছো আৰু আমি ইতিমধ্যে আমাজন প্ৰাইমৰ সৈতে এই সম্পৰ্কত এক চুক্তি কৰিছো,’’ নিকে লগতে কয়।

‘‘প্ৰিয়ংকা আৰু মই আমাজন প্ৰাইমত আহিবলগীয়া নতুন চিৰিজত অংশ লৈছো। যদি আপুনি ২০২০ৰ গ্ৰীষ্মত বিবাহৰ পৰিকল্পনা কৰিছে তেন্তে আমি আপোনাৰ প্ৰেম কাহিনী শুনিবলৈ বিচাৰো,’’ টুইটাৰত নিকে এনেদৰে লিখে।

ইয়াৰ পূৰ্বেও নিক আৰু প্ৰিয়ংকাই এটা মিউজিক ভিডিঅ’ত একেলগে কাম কৰিছিল য’ত তেওঁলোকৰ সৈতে কেভিন আৰু জ’ জোনাছক দেখা গৈছিল।