NORTHEAST NOW (Assamese)
Popular Stories

অচিনাক্ত বন্দুকধাৰীয়ে ধাৰাসায়ী কৰিলে নাইজেৰিয়াৰ গাঁও। পশুপালক আৰু কৃষকৰ মাজৰ সংঘৰ্ষ নে আন কিবা? : নিহত ৭৪ গৰাকী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 9, 2023 4:23 pm

অশান্ত হৈ পৰিছে নাইজেৰিয়াৰ বিভিন্ন অঞ্চল। যোৱা বুধবাৰৰ পৰা শনিবাৰলৈকে নাইজেৰিয়াৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে অচিনাক্ত বন্দুকধাৰীৰ হাতত মৃত্যু হোৱা গাঁওবাসীৰ বৃহৎ সংখ্যক মৃতদেহ।

নাইজেৰিয়াৰ বেনুৱে ৰাজ্যত বন্দুকধাৰীৰ দুটা পৃথক আক্ৰমণত কমেও ৭৪ জন লোক নিহত হৈছে বুলি খবৰ প্ৰকাশ পাইছে।

শনিবাৰে স্থানীয় বিষয়া আৰু আৰক্ষীয়ে জনোৱা মতে, যোৱা বুধবাৰৰ পৰা শনিবাৰে পুৱালৈ বিভিন্ন সময়ত নিহত লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

মধ্য নাইজেৰিয়াৰ বেনুৱে ৰাজ্যত পশুপালক আৰু কৃষকৰ মাজত প্ৰায়ে বিভিন্ন সংঘৰ্ষৰ সৃষ্টি হৈ থাকে। কিন্তু যোৱা কিছু বছৰত অঞ্চলটোত হিংসাত্মক ঘটনাৰ হাৰ অধিক বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিৰ বাবে খেতিয়কসকলে পূৰ্বতকৈ অধিক মাটিত খেতি কৰিবলৈ ধৰিছে। যাৰ ফলত পশুপালকসকল ক্ষুব্ধ হৈ পৰিছে, কাৰণ ইয়াৰ ফলত গৰুম’হ চৰাবৰ বাবে মুকলি ঠাই কমি আহিছে।

বেনুৱেৰ আৰক্ষীৰ মুখপাত্ৰ কেথেৰিন এনেনে কয় যে যোৱা শুকুৰবাৰে সন্ধিয়াৰ পৰা শনিবাৰে পুৱালৈকে মাগবান অঞ্চলত আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰৰ পৰা ২৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।

এই আক্ৰমণৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, হঠাতে অঞ্চলটোলৈ অচিনাক্ত বন্দুকধাৰী আহি উপস্থিত হয় আৰু এফালৰ পৰা নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে।

ইয়াৰ পূৰ্বে যোৱা বুধবাৰে একেখন ৰাজ্যৰ অটুকপো স্থানীয় চৰকাৰী এলেকাৰ দুৰ্গম গাঁও উমোগিডিত এক অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত সন্দেহযুক্ত বন্দুকধাৰী পশুপালকৰ দ্বাৰা গাঁৱৰ কেইবাগৰাকী লোকক হত্যা কৰা হৈছিল। অটুকপোৰ অধ্যক্ষ বাকো ই জেই এই সংবাদ মাধ্যমক জানিবলৈ দিছে।

উল্লেখ্য যে, বেনুৱে ৰাজ্যত সংঘটিত আক্ৰমণৰ দৰেই নাইজেৰিয়াৰ আন আন দুৰ্গম গাঁওবোৰতো এনে ঘটনা সঘনাই সংঘটিত হয়। কিন্তু এইবোৰৰ বিষয়ে বহুত কমেইহে জনা যায়। কাৰণ, এই অঞ্চলসমূহত নিৰাপত্তাৰক্ষীৰ বিশেষ চোৰাংচোৱাগিৰি নাই। স্থানীয় ৰাইজে আক্ৰমণৰ খবৰ দিয়াৰ পিছত বহু পিছতহে নিৰাপত্তা বাহিনী তাত উপস্থিত হয়গৈ।

বেনুৱে ৰাজ্যৰ উত্তৰ দিশটো মুছলমান প্ৰধান অঞ্চল আৰু দক্ষিণত গৰিষ্ঠসংখ্যক খ্ৰীষ্টান। মাটিৰ মালিকীস্বত্বক লৈ হোৱা সংঘাত ইয়াৰ সাধাৰণ পৰিঘটনা। তাত পশুপালক আৰু কৃষকৰ মাজৰ সংঘাত প্ৰায়ে জাতিগত বা ধৰ্মীয় সংঘাতলৈ পৰিণত হয়।

ইফালে কালি জামফৰা ৰাজ্যৰ বাসিন্দাসকলে কয় যে অচিনাক্ত বন্দুকধাৰীয়ে কমেও ৮০ জন বাসিন্দাক অপহৰণ কৰি লৈ গৈছে।