NORTHEAST NOW (Assamese)
দেশ

হাৰিয়ানাত নৈশ সান্ধ্য আইন জাৰি, ভেকচিন গ্ৰহণ নকৰা লোক নিষিদ্ধ হ’ব ৰাজহুৱা স্থানত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2021 7:54 pm
Night Curfew In Haryana

ক’ভিদ কেন্দ্ৰিক নীতিৰ শিথিলতা লাভৰ কিছু দিনৰ পিছতেই আকৌ দেশত পুনৰ অ’মিক্ৰণৰ বৰ্দ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কঠোৰ নীতি গ্ৰহণৰ সম্ভাৱনাই গা কৰি উঠিছে।

দেশত অ’মিক্ৰণৰ সংক্ৰমণ নিতৌ বৃদ্ধি পোৱাৰ পিছতে আজি হাৰিয়ানা চৰকাৰে নৈশ সান্ধ্য জাৰি কৰিছে। উল্লেখ্য ইয়াৰ পূৰ্বে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশেও ৰাজ্যত সান্ধ্য আইন জাৰি কৰিছে।

আজি ৰাতিৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী নিৰ্দেশ লৈকে সমগ্ৰ হাৰিয়ানাত নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজহুৱা যাতায়ত নিষিদ্ধ কৰা হ’ব।

মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে লগতে কয় যে ৰাজহুৱা প্ৰতিষ্ঠানসমূহে প্ৰৱেশৰ বাবে দুবাৰ টিকাকৰণ ৰখাটো বাধ্যতামূলক কৰিব আৰু ১ জানুৱাৰীৰ পৰা ৰাজহুৱা স্থান আৰু অনুষ্ঠানত ২০০ তকৈ অধিক লোকক অনুমতি দিয়া নহ’ব। আজি ক’ভিদ পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছিল।

তেওঁ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মানুহক ক’ভিদৰ নতুন প্ৰজাতি অ’মিক্ৰণৰৰ বিষয়ে সজাগ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে । মুখ্যমন্ত্ৰীজনে টিকাকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়।