NORTHEAST NOW (Assamese)
অসম

বি পি এফ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক সমৰ্থন নিখিল ৰাভা সাহিত্য সভাৰ

Posted by: এন ই নাও নিউজ April 12, 2019 2:18 pm
Pramila rani brahma

চলিত লোকসভা নিৰ্বাচনত বি পি এফ দলক পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাভা সাহিত্য সভাই। কোকৰাঝাৰ সমষ্টিৰ বি পি এফ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মক জয়ী কৰোৱাৰ স্বাৰ্থতেই নিখিল ৰাভা সাহিত্য সভাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে।

ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিং কোচে স্বাক্ষৰ কৰা প্ৰেছ বিবৃতিটোত উল্লেখ কৰে যে বি টি চিবাসী ৰাভা জনগোষ্ঠীৰ ভাষা, কৃষ্টিৰ সংৰক্ষণ আৰু উত্তৰণত বিশেষ গুৰুত্ব প্ৰদান কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ প্ৰতি আন্তৰিকতা, বিশ্বাস তথা সদ্ভাৱ সদাই আছে।

ইয়াৰ উপৰি বি টি চি চৰকাৰে বি টি এ ডি এলেকাত বসবাস কৰি অহা অন্যান্য পিছপৰা জনগোষ্ঠীৰ সমবিকাশ আৰু সমউন্নয়ন, নেপালী, চাওতালী আৰু গাৰো ভাষাৰ সাহিত্যৰ বিকাশৰ লগতে ২১৩ গৰাকী ৰাভা ভাষাৰ (ঠিকাভিত্তিক) শিক্ষকক নিযুক্তি দিয়াত গুৰুত্ব প্ৰদান কৰিছে। সেয়ে আমি আগন্তুক লোকসভা নিৰ্বাচনত বি পি এফ দলক সমৰ্থন কৰা সিদ্ধান্ত লৈছো।

উল্লেখ্য যে ৰাজনৈতিকভাৱে সচেতন প্ৰত্যেকগৰাকী লোকৰে দৃষ্টি নিবদ্ধ হৈ আছে কোকৰাঝাৰ সমষ্টিত। কিয়নো সমষ্টিটোত আছে চাৰিগৰাকীকৈ হেভিৱেইট প্ৰাৰ্থী। ইয়াৰ ভিতৰত বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, য়ু পি পি এলৰ উৰ্খাও ব্ৰহ্ম, কংগ্ৰেছৰ শব্দ ৰাভাৰ উপৰি সকলোকে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হোৱা নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ শৰণীয়া।

উক্ত চাৰিগৰাকী প্ৰাৰ্থীৰ গণভিত্তিৰ প্ৰতি লক্ষ্য কৰিলে সমষ্টিটোৰ পৰা পৰৱৰ্তী সাংসদ ৰূপে কোন নিৰ্বাচিত হয় সেয়া সকলোৰে অনুমানৰ বাহিৰত।

উল্লেখ্য যে সমষ্টিটোত ভোটগ্ৰহণ তৃতীয় পৰ্যায় তথা অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব।