NORTHEAST NOW (Assamese)

গুৱাহাটী গ্ৰন্থমেলাত নীলোৎপল বৰুৱাৰ গ্ৰন্থ ‘শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা’ উন্মোচন

December 25, 2018 9:17 pm · এন ই নাও নিউজ
গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকা, প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পত্নী চিনা ৰাভা।

সদ্যপ্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ চিন্তন, সম্পৰীক্ষা আৰু কৰ্মশৈলী সামৰি নীলোৎপল বৰুৱাই ৰচনা কৰা গ্ৰন্থ ‘শুক্ৰাচাৰ্য ৰাভা যাত্ৰা আৰু মাত্ৰা’ আজি গুৱাহাটী গ্ৰন্থমেলা প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।

বিশিষ্ট কথাছবি নিৰ্মাতা সঞ্জীৱ হাজৰিকাই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰে নাট্যকৰ্মী, চিন্তাবিদ নয়নপ্ৰসাদে। যাত্ৰা আৰু মাত্ৰা গ্ৰন্থখনিয়ে শুক্ৰাচাৰ্য ৰাভাৰ চিন্তাসমূহক বিমূৰ্ততাৰ পৰা মূৰ্ত কৰিলে বুলি মত প্ৰকাশ কৰে বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে।

আনহাতে, সভাত উপস্থিত থকা বিশিষ্ট কথাছবি নিৰ্মাতা উৎপল বৰপূজাৰীয়ে গ্ৰন্থখনৰ প্ৰণেতা নীলোৎপল বৰুৱাক এনে এটা দুৰূহ কাম সম্পন্ন কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পত্নী চিনা ৰাভাই শুক্ৰাচাৰ্য ৰাভাৰ চিন্তা আৰু দৰ্শনটোক নিৰন্তৰ প্ৰৱাহিত কৰি ৰাখিবৰ বাবে সকলোৰে সহযোগিতা আৰু শুভাশীষ কামনা কৰে।

অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, কবি তথা বিজ্ঞানী বিপুলজ্যোতি শ‌ইকীয়া, চিন্তাবিদ লাবু সেনাপতি আদিয়ে যাত্ৰা আৰু মাত্ৰা গ্ৰন্থখনৰ বিষয়ে মন্তব্য প্ৰদান কৰি কিতাপখন সহৃদয় পাঠকে আদৰি ল’ব বুলি কয়।

Related News