NORTHEAST NOW (Assamese)

শ্ৰম বিভাগৰ অভিযানত শিৱসাগৰত ৯ জন শিশু শ্ৰমিকক উদ্ধাৰ

November 20, 2018 8:52 pm · এন ই নাও নিউজ
Updated: November 20, 2018 8:55 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

শিৱসাগৰ শ্ৰম বিভাগ, জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী আৰু ‘বচপন বচাও আন্দোলন’ৰ কৰ্মকৰ্তা সকলৰ সহযোগত শিৱসাগৰ চহৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আজি ৯ জন শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়।

উদ্ধাৰ হোৱা শিশু কেইটাক অতি শীঘ্ৰে জিলা শিশু কল্যাণ সমিতিৰ ওচৰত হাজিৰ কৰাই চিকিৎসালয়লৈ নি তেওঁলোকৰ সঠিক বয়স নিৰ্ণয় কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বয়স নিৰ্ণয় নকৰালৈকে উদ্ধাৰ হোৱা শিশু শ্ৰমিক কেইজনক শিশু সুৰক্ষা কাৰ্যালয়ৰ অন্তৰ্গত শিশু গৃহত ৰখা হ’ব।

উদ্ধাৰকাৰী দলটোৱে চহৰখনৰ বিভিন্ন হোটেল, গেৰেজ, দোকানৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই কাম কৰি থকা অৱস্থাৰ পৰাই উক্ত ৯টি শিশুক উদ্ধাৰ কৰে।

উল্লেখ্য যে চৰকাৰে সকলো শিশুৰ শিক্ষা বাধ্যকতামূলক কৰি আইন প্ৰণয়ন কৰিছে। শিশুৰ অধিকাৰ আইন ২০০৯ৰ আধাৰত কোনো শিশুকে কোনো ব্যক্তি বা প্ৰতিষ্ঠানে শিক্ষা আহৰণৰ পৰা বঞ্চিত কৰিব নোৱাৰে।

আজিৰ এই অভিযানত শিৱসাগৰ শ্ৰম বিভাগৰ শ্ৰম পৰিদৰ্শক মৌচুমী বৰা, জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়ৰ সমাজ সেৱক দীপক টায়ে আৰু ‘বচপন বচাও আন্দোলন’ৰ ভাৰপ্ৰাপ্ত বিষয়া জুবলি লালুঙৰ লগতে বিভিন্ন কৰ্মকৰ্তা সকলে সহযোগ কৰে।

Related News