NORTHEAST NOW (Assamese)

দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ; দলৰ পৰা পদত্যাগ ৯ গৰাকী কংগ্ৰেছ নেতাৰ

September 25, 2019 6:02 pm · এন ই নাও নিউজ
কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নেতাসকল

কংগ্ৰেছৰ পৰা পদত্যাগৰ ধাৰা অব্যাহত ৰাখি বুধবাৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৯ গৰাকী সদস্যই কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰে।

মহাৰাজ প্ৰদ্যুত কিশোৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতে এই সকল কংগ্ৰেছৰ সদস্যই দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সদ্য কংগ্ৰেছ ত্যাগী সদস্য কেইগৰাকী হ’ল ক্ৰমে- দিনেশ দেৱবৰ্মন, শ্ৰীদাম দেৱবৰ্মন,শৰতল দেৱবৰ্মন, হৰি কোলোই, অৰ্জুন দেৱবৰ্মন, ৰিতা দেৱবৰ্মন, সচিত্ৰ দেৱবৰ্মন, প্ৰফুল্ল মুৰাচিং আৰু চিত্ত ৰঞ্জন দেৱবৰ্মন।

বুধবাৰে উজয়ন্তা প্ৰসাদত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত দিনেশ দেৱবৰ্মনে মহাৰজা প্ৰদ্যুত কিশোৰে কেতিয়াও নিজৰ কথা ভবা নাছিল বুলি উল্লেখ কৰি তেওঁ সদায় দল আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কথা চিন্তা কৰিছিল বুলি কয়।

দুৰ্ভাগ্যজনক ভাৱে কিছুমান কংগ্ৰেছ নেতাই তেওঁক ধৰ্মীয় উগ্ৰবাদী বুলি স্বীকৃতি দিয়ে যাৰ বাবেই তেওঁ দলৰ পৰা পদত্যাগ কৰে বুলিও দিনেশ দেৱবৰ্মনে মন্তব্য কৰে।

‘‘যদিহে মহাৰজা দলত নাথাকে আমিও কংগ্ৰেছৰ সৈতে একেলগে থকাৰ কোনো প্ৰয়োজন অনুভৱ নকৰো, যাৰ বাবে আমি পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’’, দিনেশে পুনৰ কয়।

সংবাদ মেলত কংগ্ৰেছ ত্যাগী সদস্য কেইগৰাকীয়ে লুইজিনহো ফেলেৰিঅ’ৰ সৈতে হোৱা বেয়া অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাত কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ৯ গৰাকী নেতাৰ ভিতৰত বেছি সংখ্যকে ৰাজ্যখনৰ এচ টি চেলৰ সাধাৰণ সম্পাদক আৰু অন্য বিভাগীয় সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

Related News