NORTHEAST NOW (Assamese)

সঁচাকৈয়ে! এবছৰ কাৰাবাস খাটি ঘৰলৈ উভতি আহিল ৯টা ছাগলী; কাৰণ জানিলে হ’ব আচৰিত

November 28, 2023 7:44 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

আচৰিত যেন লাগিলেও সঁচা। এবছৰ কাৰাগাৰত বন্দী হৈ থাকি অৱশেষত মালিকৰ ওচৰলৈ উভতি আহিল ৯টা ছাগলী। এনে শাস্তি কিয়? এনে এক অদ্ভুত ঘটনা সংঘটিত হৈছে বাংলাদেশৰ বৰিছালত।

যোৱা শুকুৰবাৰে সেই ৯ টা ছাগলী মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে বৰিছাল চিটি কৰ্প’ৰেশ্যনৰ মেয়ৰ আবুল খাইৰ আব্দুল্লাই। প্ৰায় ১ বছৰ সেই ছাগলীবোৰ চিচিচি চেডত (জন্তু ৰখা কাৰাগাৰ, খোওৱাৰ)ৰখা হৈছিল।

এনে শাস্তি কিয়? সেই উন্নত জাতৰ ছাগলীবোৰে কি অপৰাধ কৰিছিল? চিচিচিৰ সূত্ৰ অনুসৰি যোৱা বছৰ সেই ছাগলীবোৰে গুৰুতৰ ‘অপৰাধ’ সংঘটিত কৰিছিল। বৰিছাল চহৰৰ কবৰস্থানত প্ৰৱেশ কৰি তাত থকা ঘাঁহ-বন আৰু গছ পুলিবোৰ খাই পেলাইছিল। সেই অপৰাধৰ বাবে চহৰখনৰ তেতিয়াৰ মেয়ৰে সেই ছাগলীবোৰক ১ বছৰ কাৰাগাৰত ৰাখিবলৈ নিৰ্দেশ দিছিল।

শেহতীয়াকৈ সেই ছাগলীবোৰৰ মালিক শ্বাহৰিয়া ৰাজীৱে মেয়ৰক তেওঁৰ ছাগলীবোৰ মুকলি কৰি দিবলৈ আহ্বান জনাইছিল। সেই অনুৰোধত মেয়ৰৰ মন গলিল। তেওঁ সেই ৯টা উন্নত জাতৰ ছাগলী মুকলি কৰি দিয়াৰ নিৰ্দেশ দিলে। শেষত  ছাগলীকেইটাক ৰাজীৱৰ হাততে গতাই দিয়ে।

বৰিছাল চিটি কৰ্পৰেশ্যনৰ কৰ্মচাৰীয়ে ৰাজীৱক ছাগলী গতাই দি ছবিৰ বাবে পোজ দিছে। বাংলাদেশৰ এই ঘটনাত কোনো আশ্চৰ্য্যৰ সৃষ্টি হোৱাৰ কাৰণ নাই। কিয়নো ভাৰততো পূৰ্বে এনে ঘটনা সংঘটিত হৈছে।

২০১৭ চনৰ নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ জালাউন জিলা প্ৰশাসনে ৮ টা গাধ গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ অপৰাধ আছিল যে তেওঁলোকে উৰাই জেলৰ বাহিৰৰ প্ৰায় ৫ লাখ গছ পুলি খাই পেলাইছিল। একেৰাহে ৪ দিন বন্দী হৈ থকাৰ পিছত সিহঁতক জেলৰ পৰা মুকলি কৰি দিয়া হয়।

Related News