NORTHEAST NOW (Assamese)
অসম

ঘৰৰ বিভিন্ন স্থানত পৰি ৰৈছে মৃতদেহ; একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৃত্যুক লৈ ৰহস্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2022 8:10 pm

ঘৰৰ বিভিন্ন স্থানত মৃতদেহবোৰ সিঁচৰতি হৈ পৰি আছে। ক’ৰবাত তিনিটা, কৰবাত দুটা এনেকৈয়ে পৰি আছে মৃতদেহবোৰ। ঘৰৰ বিভিন্ন স্থানত এনেদৰে মুঠ ৯ টা মৃতদেহ পৰি আছে। মহাৰাষ্ট্ৰৰ চাংলিৰ এটা পৰিয়ালৰ এই ঘটনাই সমগ্ৰ ৰাজ্যখনত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মুম্বাইৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত চাংলিৰ মহিচালত সংঘটিত ঘটনাটো প্ৰাথমিকভাৱে আৰক্ষীয়ে আত্মহত্যা বুলি ধাৰণা কৰিছে।

লগতে পঢ়ক: Agnipath Protests: মোদী চৰকাৰৰ বাবে কৃষি আইনৰ দৰেই অৱস্থা হ’ব নেকি অগ্নিপথৰো? কিয় জোকাই লৈছে ‘অগ্নিবীৰ’ সকলক?

চাংলিৰ এছ পি দীক্ষিত গেদামে সংবাদ মাধ্যমৰ আগত কয়, “ঘৰটোত মুঠ ৯টা মৃতদেহ পোৱা গৈছে। এটা স্থানত তিনিটা মৃতদেহ পোৱা গৈছে। বাকী ছয়টা মৃতদেহ ঘৰৰ বিভিন্ন অংশত পোৱা গৈছে। মৃত্যুৰ কাৰণ অনুসন্ধান কৰি থকা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব।‘’

অৱশ্যে প্ৰাথমিকভাৱে অত্যধিক ঋণৰ বোজা সহিব নোৱাৰি পৰিয়ালটোৰ সদস্যসকলে এইদৰে আত্মহত্যা কৰা বুলি ধাৰণা কৰা হৈছে। 

লগতে পঢ়ক: Ukraine war: ইউক্ৰেইন সংকটৰ ফল; চীনৰ আটাইতকৈ বৃহৎ তেল সৰবৰাহকাৰী হৈ পৰিল ৰাছিয়া!

ঘটনাত মৃতসকলৰ পৰিচয়ও পোৱা গৈছে। আৰক্ষী সূত্ৰ অনুসৰি, মৃতসকলক পোপত য়ালাপ্পা ভানমোৰ (৫২), সংগীতা পোপট ভানমোৰ (৪৮), অৰ্চনা পোপট ভানমোৰ (৩০), সুভাম পোপত ভানমোৰ (২৮), মানিক য়ালাপ্পা ভানমোৰ (৪৯), ৰেখা মানিক ভানমোৰ (৪৫), আদিত্য মানিক ভানমোৰ (১৫), অনিতা মানিক ভানমোৰ (১৫), আৰু আক্কাটাই মানিক ভানমোৰ (৭২) বুলি চিনাক্ত কৰা হৈছে।