NORTHEAST NOW (Assamese)
অসম

৮ দিনৰ পিছত ছোনিয়া গান্ধীক চিকিৎসালয়ৰ পৰা অব্যাহতি,থাকিব লাগিব বিশ্ৰামত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 20, 2022 8:03 pm

কোভিডত আক্ৰান্ত হোৱা কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। চিকিৎসকসকলে তেওঁক বৰ্তমানৰ বাবে বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সোমবাৰে সন্ধিয়া এটা টুইটযোগে এই কথা প্ৰকাশ কৰে। মন কৰিব লগীয়া যে ছোনিয়া কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিছত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

কৰোনা-মুক্ত হোৱাৰ পিছত, তেওঁ ছোনিয়াৰ শ্বাসনলীত সংক্ৰমণ বিয়পি পৰা বুলি জানিব পৰা গৈছে । ৰাজস্থানৰ চিন্তন শিবিৰৰ পৰা উভতি অহাৰ পিছতে জুনৰ আৰম্ভণিতে ছোনিয়া গান্ধী কৰোনাত আক্ৰান্ত হৈছিল। ১২ জুনত তেওঁক ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰিব লগীয়া হয়। কোভিড-১৯ৰ উপৰিও তেওঁৰ শৰীৰত আন সমস্যাও আছিল। তেওঁ ভেঁকুৰজনিত সংক্ৰমণত আক্ৰান্ত বুলি ধৰা পৰিছে। শ্বাসনলীত সংক্ৰমণৰ বাবে তেওঁৰ নাকৰ পৰা ৰক্তক্ষৰণ হৈছিল।

ছোনিয়া গান্ধীক যোৱা তিনিদিন ধৰি চিকিৎসকসকলে পৰ্যবেক্ষণত কৰি আছিল। চিকিৎসালয়ৰ পৰা অব্যাহতি দিলেও তেওঁ বৰ্তমানৰ বাবে ঘৰত জিৰণি ল’ব লাগিব বুলি চিকিৎসকসকলে কৈছে।

নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত ইডিয়ে ছোনিয়াক মাতি পঠিয়াইছিল। তেওঁক ২৩ জুনত ইডিৰ কাৰ্যালয়লৈ পুনৰ মতা হৈছে। কিন্তু চিকিৎসকে তেওঁক বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিয়াৰ ফলত নিৰ্ধাৰিত তাৰিখত তেওঁ ইডিৰ কাৰ্যালয়ত উপস্থিত হয় নে নাই সেয়া অনিশ্চিত হৈ পৰিছে৷