NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত ২৪ ঘণ্টাত ৯ গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু

September 8, 2020 9:13 pm · তন্ময় চক্ৰৱৰ্তী

ত্ৰিপুৰাত বিগত ২৪ ঘণ্টাত নতুনকৈ ৯ গৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাবলগীয়া হয়। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৬০ গৰাকীলৈ বৃদ্ধি পায়।

ত্ৰিপুৰাত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ হাৰ উত্তৰ-পূবৰ অন্য ৰাজ্য সমূহৰ ভিতৰত সৰ্বাধিক।

ত্ৰিপুৰাত ছেপ্তেম্বৰ মাহৰ প্ৰথম আঠটা দিনতে ৪৮ গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে। আগষ্ট মাহত মুঠ ৮৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।

ৰাজ্যখনত এতিয়ালৈ মুঠ ১৬,১৫৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বৰ্তমান সময়ত ত্ৰিপুৰাৰ বিভিন্ন চিকিৎসালয়ত মুঠ ৬৩১৯ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

সোমবাৰৰ দিনটোত ত্ৰিপুৰাত মুঠ ৬২৮ গৰাকী ব্যক্তিৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

আনহাতে, ত্ৰিপুৰাত এতিয়ালৈ ৯৬৫৩ গৰাকী ব্যক্তিয়ে চিকিৎসাৰ অন্তত সম্পুৰ্ণ ৰূপে সুস্থ হৈ নিজ গৃহলৈ উভতি গৈছে।

Related News