NORTHEAST NOW (Assamese)

খাৰুপেটীয়াত আত্মগোপনকাৰী মুম্বাইৰ ন যুৱকৰ সন্ধান

April 5, 2020 7:48 pm · ময়ূখ গোস্বামী
Updated: April 5, 2020 10:01 pm
মুম্বাইৰ যুৱককেইজন। ছবি- নৰ্থইষ্ট নাও।

খাৰুপেটীয়া আৰক্ষীয়ে দেওবাৰে সন্ধান লাভ কৰিছে মুম্বাইৰ পৰা আহি কমাৰপাৰা গাঁৱত থকা নগৰাকী যুৱকৰ।

তাৎপৰ্য্যপূৰ্ণভাৱে বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো কমাৰপাৰা গাঁৱৰ ৰাইজ বা গাওঁবুঢ়াই বহিঃৰাজ্যৰ ব্যক্তিকেইজন সন্দৰ্ভত আৰক্ষী বা স্বাস্থ্য বিভাগক খবৰ দিয়া নাছিল।

খাৰুপেটীয়াৰ আৰক্ষীয়ে স্বাস্থ্য বিভাগৰ সহযোগত ইতিমধ্যে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাইছে।

ব্যক্তিকেইজনক চিকিৎসালয়ত কুৱাৰেণ্টাইন কৰা হৈছে।

ব্যক্তিকেইজনক প্ৰথমে নিজামুদ্দিনৰ জামাতৰ পৰা অহা বুলি সন্দেহ কৰা হৈছিল যদিও জিলা আৰক্ষী অধীক্ষকে এই কথা অস্বীকাৰ কৰিছে।

“তেওঁলোক জিলালৈ যোৱা ফেব্ৰুৱাৰিত আহিছিল। তেওঁলোক নিজামুদ্দিনৰ পৰা অহা নাই,” আৰক্ষী অধীক্ষক অমৃত ভূঞাই নৰ্থইষ্ট নাওক জনায়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁলোকৰ নাম– দানিছ আলি, কফিল আলি, চমচেৰ, জায়েড আলি, আজমল, মুবাচিৰ, চানিউল্লা, হাবিবুৰ, আক্ৰাম আৰু চায়েব আলি।

যোৱা ২৪ মাৰ্চৰ লকডাউনৰ সময়ৰ পৰা ব্যক্তিকেইজনে গাওঁখনৰ য়াকুব আলি নামৰ লোক এজনৰ ঘৰত আত্মগোপন কৰি আছিল।

তাৰ পূৰ্বে তেওঁলোকে দৰং জিলাৰ বিভিন্ন মছজিদ ভ্ৰমণ কৰা বুলিও জানিব পৰা গৈছে।

অসমত ইতিমধ্যে চিনাক্ত হোৱা ২৬গৰাকী ক’ভিড-১৯ ৰোগীৰ ২৫ গৰাকীয়েই নিজামুদ্দিনৰ সমাৱেশলৈ যোৱা।

দেওবাৰলৈকে ভাৰতত ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৩৭৪লৈ বৃদ্ধি পাইছে।

এতিয়ালৈকে ২৬৭ গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৭৯ গৰাকী লোক মৃত্যুমুখত পৰিছে।

গড়ে চাৰিদিনত ভাৰতত ক’ভিড-১৯ আক্ৰান্ত দুগুণলৈ বৃদ্ধি পাইছে।

নিজামুদ্দিনৰ সমাৱেশৰ ফলতে এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

Related News