NORTHEAST NOW (Assamese)
অসম

মাজুলীত ভয়ংকৰ পথ দুৰ্ঘটনা; সংকটজনক অৱস্থাত ৯ জন লোকক চিকিৎসালয়ত ভৰ্তি

Posted by: মিটু খাটনিয়াৰ September 26, 2018 2:46 pm
IMG-20180926-WA0042

আজি দুপৰীয়া প্ৰায় ১ মান বজাত মাজুলীৰ জেংৰাই মুখ আৰক্ষী চকীৰ অন্তৰ্গত এথনিক ভিলেজৰ সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এছ ০৩ বিচি ৫৪৯০ নম্বৰৰ এখন তীব্ৰবেগী টাটা মেজিক গাড়ীয়ে  একে দিশৰ পৰা অহা কলেজীয়া ছাত্ৰৰ চাইকেলত খুন্দিয়াই পথৰ কাষত থকা দ খাৱৈত বাগৰি পৰে।

দ খাৱৈত বাগৰি পৰাত গাড়ীখনৰ ভিতৰত থকা ৯ জন আৰোহী আবদ্ধ হৈ পৰে। লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত পানীত দুৰ্ঘটনাগ্ৰস্ত হোৱা গাড়ীখনৰ পৰা লোক কেইজনক উদ্ধাৰ কৰি তাৎক্ষণিক চিকিৎসা প্ৰদানৰ বাবে ওচৰৰে জেংৰাই হস্পিটেলত ভৰ্তি কৰোৱা হয়। কিন্তু যাত্ৰীসকলৰ অৱস্থা সংকটজনক হোৱাত আটাইকেইজনকে গড়মূৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইফালে প্ৰত্যক্ষদৰ্শীৰ মতে মেজিকৰ চালকজনে বিপৰীত দিশৰ অহা এখন ডাম্পাৰৰ মুখামুখি হোৱাৰ ভয়তে গাড়ীখন পদপথলৈ উঠাই দিয়ে যাৰ ফলত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰে।

মন কৰিব লগীয়া কথা যে অসমত এতিয়াও জি ভি কে আৰু ১০৮ কৰ্মীৰ মাজত চলি থকা বিসংগতিৰ বাবে জৰুৰী কালীন সেৱাত নিয়োজিত এম্বুলেঞ্চ নথকাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত যাত্ৰী সকলক সদৰ চিকিৎসালয়লৈ নিয়াৰ বাবে ভয়ংকৰ অসুবিধাৰ সন্মুখীন হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।