NORTHEAST NOW (Assamese)
অসম

নিৰ্ভয়া কাণ্ড: ফাঁচীৰ পূৰ্বে ধৰ্ষণকাৰী মুকেশে দিয়া কাগজত কি লিখা আছিল?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2020 2:03 pm
Nirbhaya rapists to hang tomorrow at 5.30 am

পৈশাচিক নিৰ্ভয়া কাণ্ডৰ সাত বছৰ পাছত শুকুৰবাৰে চাৰিও ধর্ষণকাৰীক ফাঁচী দিয়া হয়।

এই ঘটনাৰ ছয় ধৰ্ষণকাৰীৰ মাজৰ এজন ৰাম সিঙে তিহাৰ জেলত বন্দী থকা অৱস্থাতেই আত্মহত্যা কৰে।

আৰু এজন নাবালক ধৰ্ষণকাৰীক তিনি বছৰ সংশোধন গৃহত ৰখাৰ পিছত মুক্তি দিয়া হয়।

ফাঁচীৰ পূৰ্বে চাৰিও ধৰ্ষণকাৰী নীৰৱ আছিল। ফাঁচী দিয়াৰ পূৰ্বে মুকেশ নামৰ ধৰ্ষণকাৰীয়ে জেল কৰ্তৃপক্ষক এখন কাগজ দিছিল

কাগজখনত তেওঁ মৃত্যুৰ পিছত নিজৰ শৰীৰৰ অংগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। বিনয় নামৰ ধৰ্ষণকাৰীয়ে তেওঁৰ জেলত থকা কিছু বয়-বস্তু পৰিয়ালক দিবলৈ কৈ গৈছিল।

জেল সূত্ৰৰ মতে চাৰিও ধৰ্ষণকাৰীৰ পৰিয়াল তেওঁলোকৰ সৈতে যোগাযোগত আছে। পৰিয়ালে বিচাৰিলে তেওঁৰ অংগদান কৰা হ’ব।

২০১২ চনৰ ১৬ ডিচেম্বৰৰ ৰাতি দিল্লীত পৈশাচিক নির্যাতন চলোৱা হৈছিল নির্ভয়াৰ ওপৰত।

ঘটনাটোৱে দেশ জোঁকাৰি গৈছিল আৰু নিৰ্ভয়াৰ ন্যায়ৰ দাবীত ব্যাপক প্ৰতিবাদ হৈছিল।

ঘটনাটোৰ ১৩ দিন পাছত ২৯ ডিচেম্বৰ তাৰিখে ছিঙ্গাপুৰৰ মাউন্ট এলিজাবেথ হস্পিটেলত নির্ভয়াৰ দেহাৱসান ঘটে।