NORTHEAST NOW (Assamese)
Popular Stories

অৱশেষত ন্যায়; নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীকে একেলগে ওলমালে ফাঁচিকাঠত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2020 7:39 am
Nirbhaya rapists to hang tomorrow at 5.30 am

২০১২ চনত দিল্লীত সংঘটিত নিৰ্ভয়া গংগ ৰেপ কাণ্ডৰ আজি প্ৰায় সাত বছৰৰ মূৰত ন্যায় পালে। এই ধৰ্ষণকাণ্ডৰ চাৰিওজন দোষীকে আজি ৰাতিপুৱা ৫.৩০ মান বজাত তিহাৰ জেইলত ফাঁচি দিয়া হয়।

চাৰিওজন দোষী ক্ৰমে বিনয়, অক্ষয়, মুকেশ আৰু পৱন গুপ্তাক একেলগে ফাঁচিকাঠত ওলমোৱাৰ লগতে তেওঁলোকৰ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

৭ বছৰ তিনি মাহ আৰু তিনিদিন পূৰ্বে অৰ্থাৎ ২০১২ ৰ ১৬ ডিচেম্বৰৰ নিশা সংঘটিত এই বৰ্বৰ কাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নিৰ্ভয়া কাণ্ডৰ দোষীক শাস্তি প্ৰদান আৰু নিৰ্ভয়াৰ পৰিয়ালৰ লোকক ন্যায় দিয়াৰ দাবীত ৰাজপথত চলিছিল তীব্ৰ প্ৰতিবাদ।

নিৰ্ভয়াৰ মাতৃ আশা দেবীয়ে ন্যায় লাভৰ বাবে দীৰ্ঘদিন ধৰি যুঁজ দি আছিল আৰু আজি দোষী কেইজনৰ ফাঁচি হোৱাৰ পিছত তেওঁ ২০ মাৰ্চৰ দিনটো নিৰ্ভয়া দিন হিচাপে পালন কৰিব বুলি ঘোষণা কৰে।

ইয়াৰ উপৰি আশা দেবীয়ে এতিয়াৰ পৰা দেশৰ অন্য ছোৱালীৰ হৈ যুঁজ দি যাব বুলিও জনায়।

উল্লেখ্য যে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰে ফাঁচিৰ দিন পিছুৱাবলৈ শেষ মূহুৰ্তলৈ চলাইছিল আপ্ৰাণ চেষ্টা।

দোষী কেইগৰাকীৰ ফাঁচি পিচুওৱাৰ বাবে তেওঁলোকৰ অধিবক্তাই বিভিন্ন কৌশল গ্ৰহণ কৰিছিল। ইতিমধ্যে দুবাৰ তেওঁলোকৰ ফাঁচি পিচুওৱা হৈছে।

তদুপৰি অধিবক্তাগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় আদালত আৰু ভাৰতীয় মানৱ অধিকাৰ আয়োগৰো ওচৰ চাপিছিল। কিন্তু সফল হ’ব নোৱাৰিলে।

আজি তিহাৰ জেইলত চাৰিগৰাকী দোষীক একেলগে ফাঁচি দিয়াৰ এইটোৱে হ’ল প্ৰথম ঘটনা।