NORTHEAST NOW (Assamese)

১০ টা ৰাষ্ট্ৰীয় বেংকক একত্ৰীকৰণেৰে চাৰিটা বৃহৎ বেংক গঠনৰ সিদ্ধান্ত কেন্দ্ৰৰ

August 31, 2019 12:41 pm · এন ই নাও নিউজ
Updated: August 31, 2019 6:12 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দেশৰ অৰ্থনৈতিক বিকাশৰ গতি মন্থৰ হোৱাৰ সময়ত ভাৰতীয় বেংক ব্যৱস্থাৰ সংস্কাৰ সাধনৰ উদ্দেশ্যে শুকুৰবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ১০ টা ৰাষ্ট্ৰীয় বেংকক একত্ৰিত কৰি চাৰিটা বেংক কৰাৰ কথা ঘোষণা কৰে।

বিত্তমন্ত্ৰীৰ ঘোষণাৰ পাছতে ভাৰতত এতিয়া ৰাষ্ট্ৰীয় বেংকৰ সংখ্যা ২৭ টাৰ পৰা ১২ টালৈ হ্ৰাস পাব।

মূলত বেংক সেৱাক অধিক গতিশীলতা প্ৰদানেৰে জনসাধাৰণৰ মাজলৈ লৈ যোৱা আৰু গ্ৰাহকসকলৰ পৰা সময়ত ঋণ আদায়ৰ লক্ষ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

চৰকাৰে পঞ্জাব নেশ্যনেল বেংক, অৰিয়েণ্টেল বেংক অব কমাৰ্চ আৰু য়ুনাইটেড বেংকক একত্ৰিত কৰাৰ কথা ঘোষণা কৰে।

বেংক তিনিটা একত্ৰিকৰণ হোৱাৰ পাছত ইয়াক পঞ্জাব নেশ্যনেল বেংক হিচাপে জনা যাব।

আনহাতে, কানাড়া বেংক আৰু ছিণ্ডিকেট বেংককো একত্ৰিত কৰি ইয়াক দেশৰ তৃতীয় বৃহত্তম বেংক হিচাপে পৰিণত কৰাৰ সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে।

তদুপৰি, য়ুনিয়ন বেংক অব ইণ্ডিয়া, অন্ধ্ৰ বেংক, কৰ্পোৰেশ্যন বেংককো একত্ৰিকৰণ কৰি এটা বৃহৎ বেংকত পৰিণত কৰা হ’ব।

ইণ্ডিয়ান অভাৰছীজ বেংকক, য়ুকো বেংক, বেংক অব মহাৰাষ্ট্ৰ আৰু পঞ্জাব এণ্ড সিন্ধ বেংকে নিজৰ নিজৰ অঞ্চলত কাম কৰি থকাৰ লগতে ইণ্ডিয়ান বেংকক এলাহাবাদ বেংকৰ সৈতে একত্ৰিতকৰণ কৰা হ’ব।

শুকুৰবাৰে এখন সংবাদ মেল সম্বোধন কৰি দেশৰ বৃহৎ বেংক ব্যৱস্থাৰ সংস্কাৰৰ কথা ঘোষণা কৰি বিত্তমন্ত্ৰী সীতাৰমণে ১২ টা ৰাষ্ট্ৰীয়কৃত বেংকে ভাৰতৰ ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ সপোন সাৰ্থক হোৱাত সহায় কৰিব বুলি আশা ব্যক্ত কৰে।

Related News