NORTHEAST NOW (Assamese)
অসম

দেশৰ আৰ্থনৈতিক অস্থিৰতাৰ মাজতে আজি সদনত বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 1, 2020 8:52 am
Union Budget

দেশৰ থৰকবৰক অৰ্থব্যৱস্থা আৰু ক্ৰমবৰ্ধিত নিবনুৱা সমস্যাৰ মাজতে আজি মোদী চৰকাৰ ২.০ৰ দ্বিতীয় বিত্তীয় বাজেট দাখিল কৰা হ’ব।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাতিপুৱা ১১ বজাত লোকসভাত বাজেট দাখিল কৰিব।

এইবাৰৰ বিত্তীয় বাজেটে মধ্যম স্তৰৰ লোক, ব্যৱসায়ী সকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব বুলি ধাৰণা কৰা হৈছে।

এই বিত্তীয় বাজেটতে দেশৰ অৰ্থনীতিক সুস্থিৰ অৱস্থালৈ ঘুৰাই অনাৰ বাবে নতুন পৰিকল্পনা গ্ৰহণ কৰা হ’ব বুলি চৰকাৰে ইংগিত দিছে।

কি থাকিব পাৰে এইবাৰৰ বাজেটত-

  • মধ্যম স্তৰৰ লোকৰ বাবে বিভিন্ন সুবিধা
  • বাজেটত দেশৰ খেতিয়ক সকলে ঋণ ৰেহাইৰ লগতে লাভ কৰিব পাৰে বৃহৎ অফাৰ।
  • কৰ হ্ৰাস কৰাৰ সম্ভাৱনা।
  • আয় আৰু ৰপ্তানি বৃদ্ধিৰ বাবে পৰিকল্পনা।
  • গৃহ ঋণৰ ক্ষেত্ৰত বৃদ্ধি হ’ব পাৰে কৰ।
  • নিবনুৱাৰ বাবে নিয়োগৰ সম্ভাৱনা।
  • বিনিয়োগৰ ক্ষেত্ৰত কৰ ৰেহাইৰ সীমা ১.৫ লাখৰ পৰিৱৰ্তে ২ লাখলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা।