NORTHEAST NOW (Assamese)
জীৱনশৈলী

নীতা আম্বানীৰ পপকৰ্ণ বেগ : দাম শুনিলে চকু কপালত উঠিব আপোনাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 28, 2024 7:55 pm
নীতা আম্বানীৰ পপকৰ্ণ বেগ : দাম শুনিলে চকু কপালত উঠিব আপোনাৰ

ফেশ্বন চেন্সৰ বাবে সদায় বাতৰিৰ শিৰোনামত থাকে ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী।

শেহতীয়াকৈ নীতা আম্বানীয়ে কন্যা ঈশা আম্বানীৰ কোম্পানীৰ এক অনুষ্ঠানত উপস্থিত হৈ পুনৰ শিৰোনাম দখল কৰিছে।

সেই অনুষ্ঠানত নীতা আম্বানীৰ হাতত থকা পপকৰ্ণ বেগটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। কেৱল বেগটোৰ সৌন্দৰ্য্যত আপ্লুত হোৱাই নহয়, বেগটোৰ দামতো আপ্লুত হৈছে নেটিজেন সকল।

বেগটোৰ আকৃতি পপকৰ্ণৰ টেমাটোৰ দৰে। তাত গোলাপী ৰঙেৰে লিখা POP OOO। পপকৰ্ণৰ সলনি তাৰ ওপৰত আছে মুকুতা।

শেহতীয়াকৈ ফ্ৰান্সৰ বিলাসী ব্ৰেণ্ড চেনেলে মুকলি কৰা এই বেগটোৰ মূল্য ভাৰতীয় মুদ্ৰাত পাঁচ লাখ টকা। এইটো তেওঁলোকৰ শীতকালীন সংগ্ৰহৰ বেগ।

চেনেলৰ ৱেবছাইট অনুসৰি এই পপকৰ্ণ বেগটো মুকুতা, বগা সোণ, অৰ্ধমূল্যবান ধাতু আৰু কৃত্ৰিম চামৰাৰে তৈয়াৰ কৰা হৈছে।