NORTHEAST NOW (Assamese)
দেশ

নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা ৰাজীৱ কুমাৰৰ আকস্মিক পদত্যাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 23, 2022 3:54 pm
NITI Aayog

কাৰ্যকাল অন্ত পৰাৰ পূৰ্বেই আজি নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা আকস্মিকভাৱে পদত্যাগ কৰে ৰাজীৱ কুমাৰে। চলিত মাহৰ ৩০ তাৰিখে অৰ্থনীতিবিদজনৰ কাৰ্যকাল শেষ হোৱাৰ কথা আছিল।

বিশিষ্ট অৰ্থনীতিবিদ কুমাৰে ২০১৭ চনৰ আগষ্টত নীতি আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

প্ৰকাশিত খবৰ অনুসৰি কুমাৰৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ৩০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁক পদৰ পৰা অব্যাহতি দিয়া হ’ব।

কৃষি, সম্পদ মুদ্ৰাকৰণ, বিনিয়োগ, উচ্চাকাংক্ষী জিলা কাৰ্যসূচী আৰু বৈদ্যুতিক বাহন ইত্যাদি ক্ষেত্ৰৰ ওপৰত গুৰুত্ব দি নীতি আয়োগৰ নীতি নিৰ্ধাৰণত কুমাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

কুমাৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত ডি. ফিল আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি ডিগ্ৰী লাভ কৰিছিল। তেওঁ চেণ্টাৰ ফৰ পলিচী ৰিচাৰ্ছৰ এজন জ্যেষ্ঠ সহকৰ্মীও আছিল।

ৰাজীৱ কুমাৰৰ আকস্মিক পদত্যাগৰ পিছত চৰকাৰে সুমন কে বেৰীক নীতি আয়োগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। বেৰীয়ে ১ মে’ৰ পৰা দায়িত্ব গ্ৰহণ কৰিব বুলি এক চৰকাৰী বিবৃতিত কোৱা হৈছে।

নৱ উপাধ্যক্ষ বেৰীয়ে ইয়াৰ পূৰ্বে নতুন দিল্লীৰ নেচনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্ছ (NCAER)ৰ মহানিৰ্দেশক (মুখ্য কাৰ্যবাহী) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদ, পৰিসাংখ্যিক আয়োগ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতিৰ কাৰিকৰী পৰামৰ্শদাতা সমিতিৰো সদস্য আছিল।