NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ নহয় নীতিশ কুমাৰ! কোন হ’ব বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2020 11:35 am
WhatsApp Image 2020-11-13 at 10.40.30 AM

বিহাৰৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে বিজেপিৰ নেতাসকলে স্পষ্ট কৰি দিছে যে জেডিয়ুই কম আসন পালেও এনডিএ মিত্ৰজোঁটৰ নেতা নীতিশ কুমাৰেই থাকিব আৰু পূৰ্বৰ প্ৰতিশ্ৰুতি আনুসৰি তেওঁকেই মুখ্যমন্ত্ৰী পতা হ’ব।

কিন্তু নীতিশ কুমাৰে নিজেই তেওঁৰ কথাৰ সুৰ সলাইছে। তেওঁ কৈছে যে এইবাৰ তেওঁ মুখ্যম্ন্ত্ৰী হ’ব নে বিজেপিৰ আন কাৰোবাক মুখ্যমন্ত্ৰী পতা হ’ব সেইটো এনডিএ সিদ্ধান্ত ল’ব।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিৰ্বাচনী ফলাফলৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ কয়,’’শীঘ্ৰেই এনডিএৰ বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হ’ব আৰু তাতেই কোন মুখ্যমন্ত্ৰী হ’ব সেয়া ঠিক কৰা হ’ব। তদুপৰি, বৈঠকত নিৰ্বাচনী ফলাফল সম্পৰ্কেও বিশ্লেষণ কৰি চোৱা হ’ব।‘’

জেডিয়ুৰ নেতাগৰাকীয়ে জানিবলৈ দিয়ে যে মিত্ৰজোঁটৰ চাৰিটা দলৰে বিধায়কসকলে সোনকালে আলোচনাত বহিব আৰু কোন মুখ্যমন্ত্ৰী হ’ব তথা কেতিয়া শপত গ্ৰহণ কৰা হ’ব তাৰ সিদ্ধান্ত লোৱা হ’ব।

বাতৰি অনুসৰি, নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাসকলে নীতিশ কুমাৰকে এনডিএৰ নেতা হিচাপে সৰ্বসন্মিতক্ৰমে ঘোষণা কৰিছিল যদিও ফলাফল ঘোষণাৰ পাছত গেৰুৱা দলৰ তৃণমূল পৰ্যায়ৰ নেতাসকলে কথাৰ সুৰ সলনি কৰিছে।

বহুতেই ক’ব খোজে যে মাত্ৰ ৪৩খন আসন লাভ কৰা জেডিয়ুক মুখ্যমন্ত্ৰী পদ এৰি দিয়াটো উচিত নহ’ব। কিয়নো ৭৪খন আসনত জয়ী হৈ অহা বিজেপিৰ কৰ্মীসকলৰ বাবে সেয়া অন্যায় কৰা হ’ব।

অৱশ্যে, বিজেপিৰ শীৰ্ষ নেতাসকলে তেওঁলোকৰ প্ৰতিশ্ৰুতিত অটল থকাৰ কথা সদৰী কৰিছে আৰু সেইমতে মিত্ৰজোঁটৰ নেতা নীতিশ কুমাৰেই থাকিব।

কিন্তু নীতিশ কুমাৰে ভালদৰেই বুজি পাইছে যে ইমান কম আসন পাই চৰকাৰ চলোৱাটো তেওঁৰ বাবে সমস্যা হ’ব পাৰে। সেইয়ে তেওঁ পৰিস্থিতিটো পৰ্যবেক্ষণ কৰিব বিচাৰে।

নীতিশ কুমাৰে এনডিএৰ বৈঠকত মিত্ৰজোঁটৰ ১২৫জন বিধায়কেই তেওঁক সমৰ্থন কৰাটো নিশ্চিত হ’ব বিচাৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে বৃহস্পতিবাৰে নীতিশ কুমাৰে দাবী কৰে যে তেওঁ কেতিয়াও এইটো তেওঁৰ শেষ নিৰ্বাচন বুলি কোৱা নাই।