INDIA ৰ পৰৱৰ্তী বৈঠকত উপস্থিত থাকিব নীতিশ-মমতা : দুই মুখ্যমন্ত্ৰীয়ে জনালে খাটাং সিদ্ধান্ত
পাঁচ ৰাজ্যৰ বিধান সভাৰ ফলাফল ঘোষণা কৰাৰ পিছত ৬ ডিচেম্বৰত কংগ্ৰেছে আহ্বান কৰা বিৰোধী ঐক্যৰ বৈঠকত উপস্থিত নাথাকোঁ বুলি নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জীকে ধৰি কেইবাগৰাকীও বিৰোধী মুখ্যমন্ত্ৰীয়ে জনোৱাৰ পিছত এই বৈঠক বাতিল কৰিল বৈঠকৰ দিন ১৭ ডিচেম্বৰলৈ পিছুৱাই দিয়া হয়।
Iইয়াৰ পিছতে বুধবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে তেওঁ মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠকত অংশগ্ৰহণ কৰিব। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও পৰৱৰ্তী বৈঠকত উপস্থিত থাকিব জনায়।
বিভিন্ন দলৰ শীৰ্ষ নেতৃত্বৰ অনুপস্থিতিৰ বাবে ৬ ডিচেম্বৰত অনুষ্ঠিত হোৱা বিৰোধী মিত্ৰজোঁটৰ বৈঠক বাতিল কৰিবলৈ বাধ্য হৈছিল কংগ্ৰেছে। বুধবাৰ নীতিশ কুমাৰে কয়, “যোৱা এবছৰ ধৰি মই ঐক্যৰ কথা কৈ আহিছো। সকলো বিৰোধী দলকে ঐক্যবদ্ধভাৱে লোকসভা নিৰ্বাচন যুঁজিবলৈ পৰামৰ্শ দিছো। কিন্তু ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে বহু দল ব্যস্ত হৈ পৰিছে। মই ২০২৪ চনৰ লোকসভাৰ বাবে সকলোকে কৈছো। বিৰোধী দলে একেলগে বহি কৌশল নিৰ্ধাৰণ কৰিব লাগে”।
তেওঁ আৰু কয়, “ভৱিষ্যতে য’তেই বিৰোধী ঐক্যৰ সভা অনুষ্ঠিত হ’ব মই তাতেই যাম। ৬ ডিচেম্বৰৰ সভাত উপস্থিত থাকিব নোৱাৰিম বুলি কওঁতে মোক বহুতে সমালোচনাৰ কৰিছিল। কিন্তু সেইদিনা মোৰ জ্বৰ হৈছিল। গতিকে পাঁচ দিন জিৰণি লোৱাৰ প্ৰয়োজন হৈছিল।”
আনহাতে, মমতা বেনাৰ্জীয়ে কয় যে তেওঁ ইণ্ডিয়া মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠকত অংশগ্ৰহণ কৰিব।
ইয়াৰ পূৰ্বে ৬ ডিচেম্বৰৰ বৈঠক সন্দৰ্ভত সোমবাৰে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে কৈছিল যে, “সভাৰ বিষয়ে মোৰ হাতত কোনো খবৰ নাই। মোক কোনেও ফোন কৰা নাই বা চিঠিও দিয়া নাই। মোক অৱগত নকৰিলে কেনেকৈ যাম? এই মুহূৰ্তত মোৰ বাবে অন্য কাৰ্যসূচী বাতিল কৰি সভালৈ যোৱাটো সম্ভৱ নহয়”।
আনহাতে, মঙলবাৰে আৰজেডি নেতা লালু প্ৰসাদ যাদৱে কয় যে ইণ্ডিয়া মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব। লগতে সকলোকে থাকিবলৈ তেওঁ অনুৰোধ জনায়।