NORTHEAST NOW (Assamese)

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ: স্বৰ্ণ জিনিলে নিতু ঘাংঘাছে

March 25, 2023 9:01 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্ব ক্ৰীড়া মানচিত্ৰত পুনৰ এবাৰ বিজয় ধ্বজা উত্তোলন কৰিলে দেশৰ এগৰাকী মহিলা খেলুৱৈয়ে। চলিত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত আজি স্বৰ্ণ জয়েৰে দেশক গৌৰৱান্বিত কৰি তুলিছে বক্সাৰ নিতু ঘাংঘাছে।

দেশৰ উদীয়মান তাৰকা বক্সাৰগৰাকীয়ে আজি ফাইনেলত মঙ্গোলিয়াৰ লুটচাইখান আলটাণ্টছেটছেগক পৰাস্ত কৰি মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক অৰ্জন কৰে।

সৰ্বসন্মত সিদ্ধান্তৰ অন্তত ভাৰতীয় বক্সাৰ ঘাংঘাছে মংগোলিয়ান প্ৰতিদ্বন্দী গৰাকীৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয় লাভ কৰে। উল্লেখ্য যে, কেৰিয়াৰত আজি প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অৱতীৰ্ণ হৈছিল ঘাংঘাছ।

আক্ৰমণাত্মক দৃষ্টিভংগীৰে মেচৰ আৰম্ভণি ঘটোৱা নিতু ঘাংঘাছে প্ৰথমৰে পৰাই আধিপত্য বিস্তাৰ কৰে প্ৰতিপক্ষৰ ওপৰত। এই স্বৰ্ণ জয়েৰে নিতু বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা দেশৰ ষষ্ঠগৰাকী মহিলা বক্সাৰ ৰূপে পৰিগণিত হয়।

চলিত প্ৰতিযোগিতাখনত এয়া ভাৰতৰ প্ৰথমটো স্বৰ্ণ। লক্ষণীয়ভাৱে দেশৰ আন তিনিগৰাকী বক্সাৰেও অৱতীৰ্ণ হ’ব স্বৰ্ণ জয়ৰ যুঁজত। ইতিমধ্যে ৮১ কিলোগ্ৰাম শাখাত চীনৰ লীনা ৱাঙৰ বিৰুদ্ধে ৰিঙত নামিছে ছ’ইটী ব’ৰা।

আনহাতে দেওবাৰে স্বৰ্ণ জয়ৰ লক্ষ্যৰে যুঁজত নামিব নিখাত জাৰিন আৰু অসমৰ লাভলিনা বৰগোহাঁই।

Related News