NORTHEAST NOW (Assamese)
অসম

এতিয়াৰে পৰা ৰে’লৰ AC দবাৰ যাত্ৰীক দিয়া নহ’ব কম্বল,বিচনা চাদৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2020 8:32 am
ac

ভাৰতীয় ৰে’লে শেহতীয়াকৈ কেইবাটাও বিষয়ত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই মৰ্মে এতিয়াৰে পৰা ৰে’লৰ শীত-তাপ নিয়ন্ত্ৰিত দবাত যাত্ৰা কৰা যাত্ৰী সকলক ৰে’ল বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা নহ’ব কোনো ধৰণৰ কম্বল অথবা বিচনা চাদৰ।

ৰে’ল বোৰ্ডৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে এই কথা প্ৰকাশ কৰিছে। যাদৱে কয় যে কেৱল ক’ৰ’ণাতংক অব্যাহত থকা বুলিয়েই নহয়,ক’ৰ’ণাতংক দূৰ হোৱাৰ পিছতো ৰে’লৰ শীত-তাপ নিয়ন্ত্ৰিত দবাৰ যাত্ৰীসকলক কোনো ধৰণৰ কম্বল আৰু বিচনা চাদৰ দিয়া নহ’ব।

সেই সামগ্ৰী সমূহ যাত্ৰীসকলে নিজেই লগত আনিব লাগিব।

যাত্ৰী সকলৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি নজৰ ৰাখিয়েই ৰে’ল বিভাগে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ কয়।

ৰে’ল বোৰ্ডৰ অধ্যক্ষ গৰাকীয়ে লগতে কয় যে ৫০০ খন ৰে’লৰ চলাচল বন্ধ কৰিবলৈ ৰে’ল বিভাগে তৎপৰতা দেখুওৱা বুলি যি বাতৰি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে তাৰ কোনো ভিত্তি নাই।

ৰে’ল বিভাগে কোনো ৰে’লৰ চলাচল বন্ধ কৰাৰ বা ৰে’লৰ ষ্টপেজ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

৮০ খন নতুন ৰে’ল চলোৱাৰ বাবে ৰে’ল বিভাগে চিন্তা-চৰ্চা কৰি থকা বুলিও তেওঁ প্ৰকাশ কৰে।