NORTHEAST NOW (Assamese)

বৈষম্য দূৰ নকৰাকৈ কোনো দেশেই নিজকে প্ৰকৃত গণতন্ত্ৰ বুলি দাবী কৰিব নোৱাৰে: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

June 19, 2025 3:47 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ মুখ্য ন্যায়াধীশ বিআৰ গাভাইয়ে বুধবাৰে (১৮ জুন) কয় যে সমাজৰ বৃহৎ শ্ৰেণীক প্ৰান্তীয়কৰণ কৰা গাঁথনিগত বৈষম্যৰ সমাধান নকৰাকৈ কোনো জাতিয়ে প্ৰকৃততে প্ৰগতিশীল বা গণতান্ত্ৰিক বুলি দাবী কৰিব নোৱাৰে।

গাভাইয়ে জোৰ দি কয় যে, দীৰ্ঘম্যাদী স্থিৰতা, সামাজিক সংহতি আৰু বহনক্ষম উন্নয়ন লাভৰ বাবে আৰ্থ-সামাজিক ন্যায় এক ব্যৱহাৰিক প্ৰয়োজনীয়তা।

মিলানত ‘দেশত আৰ্থ-সামাজিক ন্যায় প্ৰদানত সংবিধানৰ ভূমিকা: ভাৰতীয় সংবিধানৰ ৭৫ বছৰৰ প্ৰতিফলন’ শীৰ্ষক অনুষ্ঠানত ভাষণ দি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায় কোনো বিমূৰ্ত আদৰ্শ নহয় আৰু ইয়াৰ শিপা সামাজিক গাঁথনি, সম-সুযোগ বিতৰণ আৰু মানুহৰ জীৱন-যাপনৰ অৱস্থাৰ মাজত শিপাই থাকিব লাগিব।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, এয়া কেৱল পুনৰ বিতৰণ বা কল্যাণৰ কথা নহয় বৰঞ্চ প্ৰতিজন ব্যক্তিয়ে মৰ্যাদাৰে জীয়াই থাকিবলৈ, নিজৰ পূৰ্ণ মানৱীয় সম্ভাৱনাক উপলব্ধি কৰিবলৈ আৰু দেশৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনত সমানে অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰাটোৱেই হৈছে মূল উদ্দেশ্য।

এই বিষয়ত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে চেম্বাৰ অৱ ইণ্টাৰনেশ্যনেল ল’য়াৰ্ছক ধন্যবাদ জনাই মুখ্য ন্যায়াধীশ গাভাইয়ে কয় যে আৰ্থ-সামাজিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে বিগত পয়সত্তৰ বছৰ ধৰি যি যাত্ৰা কৰিছে সেয়া এক বৃহৎ উচ্চাকাংক্ষা আৰু উল্লেখযোগ্য সফলতাৰ কাহিনী।ঐতিহাসিক অন্যায় দূৰ কৰাৰ লগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ লক্ষ্যৰে শিক্ষাৰ এফেৰমেটিভ একচন নীতিসমূহ সমতা আৰু আৰ্থ-সামাজিক ন্যায়ৰ প্ৰতি সংবিধানৰ দায়বদ্ধতাৰ সুনিৰ্দিষ্ট প্ৰকাশ।

Related News