NORTHEAST NOW (Assamese)
অসম

অচিৰেই বন্ধ কৰা হ’ব অসমলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা সকলো ৰে’লৰ চলাচল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2019 11:25 pm
692170-trainsgoods-061218

অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ অজুহাতত শীঘ্ৰেই অসমলৈ আহিবলগীয়া পেট্ৰ’লজাত সমাগ্ৰীকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ৰে’লৰ চলাচল বন্ধ কৰা হ’ব।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত অব্যাহত থকা প্ৰবল প্ৰতিবাদৰ মাজতে অসমলৈ এইদৰে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ৰে’ল প্ৰেৰণ কৰাটো বন্ধ কৰিব বিচৰা হৈছে।

উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ জৰিয়তে অসমলৈ আহিবলগীয়া পেট্ৰ’’লজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ৰেইলসমূহ বন্ধ কৰি দিয়াৰ এক কৌশল ৰচনা কৰা হৈছে।

জানিব পৰা মতে, অসমৰ কেবৰ বিৰুদ্ধে চলা প্ৰতিবাদী আন্দোলনটোক মষিমূৰ কৰাৰ লক্ষ্যৰে ৰাজ্যখনত এক কৃত্ৰিম খাদ্য সামগ্ৰীৰ নাটনি সৃষ্টি কৰাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এক সূত্ৰই জনায় যে এই কৌশলৰ সৈতে জড়িত হৈছে একাংশ অসাধু ব্যৱসায়ী। তেওঁলোকে ৰাজ্যখনত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি পাছত অধিক মুনাফা লুটাৰ কূট-কৌশল ৰচনা কৰিছে।

ইতিমধ্যে ৰাজ্যখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ এক কৃত্ৰিম নাটনিৰ পৰিস্থিতি উদ্ভৱ হোৱা দেখা গৈছে।

বৰ্তমান বজাৰত আলু-পিঁয়াজকে ধৰি খাদ্য সামগ্ৰীৰ দৰ বৃদ্ধি পোৱা দেখা গৈছে।

এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰই অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি মূল্য বৃদ্ধিৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ ওপৰত মাধমাৰ সোধোৱাৰ কৌশল ৰচনা কৰিছে।

কেন্দ্ৰই সেয়েহে উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ জৰিয়তে সামগ্ৰী কঢ়িওৱা ৰেইলৰ চলাচলত বাধা দি অসম তথা উত্তৰ-পূবৰ জনসাধাৰণৰ ওপৰত চাপৰ সৃষ্টি কৰিব বিচাৰিছে।