NORTHEAST NOW (Assamese)

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm · এন ই নাও নিউজ, গুৱাহাটী

হিজাব পৰিধান নকৰাৰ বাবে ইৰাণত ব্যাপক আন্দোলনৰ সৃষ্টি হৈছিল। কিন্তু দেশখনৰ শাসকে এতিয়াও একেই কঠোৰ মানসিকতা পোষণ কৰি আহিছে। হিজাব নিপিন্ধাৰ অপৰাধত এইবাৰ ইৰাণৰ এগৰাকী গায়িকাক মধ্যযুগীয় শাস্তি প্ৰদান কৰা হৈছে। জানিব পৰা মতে পাৰাস্তু আহমাদী নামৰ গায়িকাগৰাকীক পূৰ্বতেই গ্ৰেপ্তাৰ কৰা হৈছিল। এইবাৰ ইৰাণৰ আদালতে তেওঁক ৭৪টা চাবুকৰ কোব মৰাৰ নিৰ্দেশ দিছে।

ঘটনাৰ সূত্ৰপাত হৈছিল দুহেজাৰ চৌবিশ চনত। পাৰাস্তুৱে দূৰসংযোগ মাধ্যমৰ জৰিয়তে নিজৰ এটা সংগীতানুষ্ঠান সম্প্ৰচাৰ কৰিছিল। তাত তেওঁ হিজাব নোহোৱাকৈয়ে গীত পৰিৱেশন কৰিছিল। ইয়াতে ক্ষুব্ধ হৈ পৰে ইৰাণৰ কঠোৰপন্থী প্ৰশাসন। কেইদিনমানৰ ভিতৰতে পাৰাস্তুক গ্ৰেপ্তাৰ কৰা হয়। কোম প্ৰদেশৰ আদালতত তেওঁৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। তাত গায়িকাগৰাকী আৰু তেওঁৰ লগত থকা আন আঠগৰাকী শিল্পীক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হয়। সূত্ৰৰ খবৰ অনুসৰি আদালতে পাৰাস্তুক ৭৪টা চাবুকৰ কোব মৰাৰ শাস্তি প্ৰদান কৰিছে। ইয়াৰ উপৰিও আগন্তুক দুবছৰৰ বাবে তেওঁ ইৰাণ এৰি যাব নোৱাৰিব আৰু শিল্পী হিচাপে কোনো অনুষ্ঠানতো ভাগ লব নোৱাৰিব।

এতিয়ালৈকে চৰকাৰীভাৱে এই শাস্তিৰ খবৰ ঘোষণা কৰা হোৱা নাই। কিন্তু মানৱ অধিকাৰ সংস্থাসমূহে ইতিমধ্যে এই ৰায়ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ মতে পাৰাস্তুক যিদৰে শাস্তি প্ৰদান কৰা হ‘ল সেয়াই প্ৰমাণ কৰে যে ইৰাণৰ পৰিস্থিতি অকণো সলনি হোৱা নাই। ইৰাণৰ শাসকসকলে যিমানেই নিজৰ উদাৰতাৰ কথা প্ৰচাৰ নকৰক কিয় দেশখনত মহিলাসকল এতিয়াও অন্ধকাৰতেই আছে। কেৱল হিজাব নিপিন্ধাকৈ গান গোৱাৰ বাবে এগৰাকী মহিলাক এনে নিষ্ঠুৰ শাস্তি প্ৰদান কৰাটোক মানৱ অধিকাৰ সংস্থাসমূহে তীব্ৰ গৰিহণা দিছে। তেওঁলোকে ইৰাণৰ প্ৰশাসনক নাৰীবিৰোধী বুলিও অভিহিত কৰিছে।

ইৰাণৰ একাংশ অধিবক্তায়ো জনাইছে যে মহিলাসকলে গান গোৱাটো ইৰাণৰ আইন অনুসৰি কোনো দণ্ডনীয় অপৰাধ নহয়। তাৰ পাছতো পাৰাস্তুৱে কঠোৰ শাস্তি লাভ কৰিলে। দুহেজাৰ চৌবিশ চনত তেওঁৰ অনুষ্ঠানটোৱে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। ক‘লা ৰঙৰ হাতকাটা পোছাক পৰিধান কৰি চাৰিগৰাকী পুৰুষ গায়কৰ সৈতে তেওঁ গীত গাইছিল। এই অনুষ্ঠানৰ দৃশ্য ব্যাপকভাৱে বিয়পি পৰাৰ পাছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। কেইদিনমানৰ পাছত তেওঁক এৰি দিয়া হৈছিল যদিও তেওঁৰ বিৰুদ্ধে আদালতত বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছিল আৰু শেষত এনে কঠোৰ ৰায়দান কৰা হয়।

 

Related News