NORTHEAST NOW (Assamese)

হিন্দু-মুছলমান কথা নাই, সকলো বাংলাদেশীক খেদাইহে বচাব লাগিব জাতি: অখিল গগৈ

October 31, 2018 10:25 pm · কল্পজ্যোতি শইকীয়া
Updated: October 31, 2018 10:45 pm
অখিল গগৈৰ বুধবাৰৰ সংবাদমেল। ছবি- ইউ বি।

হিন্দু বাংলাদেশীক আমদানিৰে অসমীয়া জাতিক বচোৱাৰ বিজেপি-ফৰ্মূলা অগ্ৰাহ্য কৰি ধৰ্ম নিৰ্বিশেষে সকলো বাংলাদেশীকে খেদোৱাৰ সংকল্প ঘোষণা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে।

“হিন্দু বাংলাদেশী অসমলৈ আনি অসমীয়াক বচাব নালাগে। বৰঞ্চ অসমীয়াক বচাবলৈ হ’লে মুছলমান বাংলাদেশী, হিন্দু বাংলাদেশীক খেদাইহে বচাব লাগিব,” অসমীয়া জাতিক বিপথে পৰিচালিত কৰিবলৈ ‘কিদৰে সাহ কৰিছে’ বুলি বিজেপিক প্ৰশ্ন কৰি বুধবাৰে এই মন্তব্য গগৈৰ।

অসমীয়াৰ ‘ৰাজনৈতিক অধিকাৰ’ৰ বাবেই বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰা বুলিও সংগঠনটোৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যালয়ত আয়োজিত সংবাদমেলত মন্তব্য কৰিছে গগৈয়ে।

“হিন্দুৱেই হওক বা মুছলমানেই হওক, কোনো বিদেশীয়ে যাতে অসমীয়াৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি ল’ব নোৱাৰে, সেয়েহে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছো,’‘ মন্তব্য অখিল গগৈৰ।

উক্ত সংবাদমেলতে বিজেপি বিধায়ক শিলাদিত্য দেবক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয়, ‘‘শিলাদিত্যৰ নিচিনা নেতাৰ হাতত বিধায়কৰ আসন দি দি দিবৰ বাবে অসমীয়াৰ জন্ম হোৱা নাই। ১২৬টা সমষ্টিয়েই অসমীয়াৰ হাতত লাগে।‘’

অখিল গগৈয়ে অসমবাসীক বিধেয়কৰ অপব্যাখ্যা কৰিছে বুলি বিজেপিয়ে কৰি অহা দাবীৰ প্ৰত্যুত্তৰত গগৈয়ে কয়, “কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰা বিলখনতে ‘হিন্দু’ আৰু ‘বাংলাদেশ’ শব্দ দুটা স্পষ্টকৈ উল্লেখ আছে। সৰ্বভাৰতীয় আইন যদিও এইখন গৃহীত হ’লে আটাইতকৈ বেছি ক্ষতি হ’ব অসমৰ। আফগানিস্তান আৰু পাকিস্তানৰ পৰা অহা বিদেশীৰ প্ৰভাৱ বেছিকৈ অসমত নপৰে। অসমৰ প্ৰেক্ষাপটত বাংলাদেশৰ পৰা অহা বিদেশীৰহে প্ৰভাৱটো পৰিব।”

বাংলাদেশৰ পৰা অহা হিন্দুখিনিক বুজাবলৈ ‘হিন্দু বাংলাদেশী’ শব্দটো ব্যৱহাৰ কৰাত বিজেপিৰ ‘আপত্তি ক’ত’ বুলিও গগৈয়ে প্ৰশ্ন কৰে।

আনহাতে নাগৰিকত্ব বিধেয়ক বিৰোধিতাক লৈ অখিল গগৈক কাৰ্টুন চৰিত্ৰ ‘সুপন্দি’ৰে ৰিজোৱা বিজেপি নেতা মমিনুল আৱলক ‘জধামূৰ্খ’ বুলি অভিহিত কৰে গগৈয়ে।

“তেওঁ বিধায়ক হ’বলৈ নাপাই সংবাদ মাধ্যমৰ আগত কান্দিছিল। বিধায়ক হ’বলৈ ইচ্ছা যদিও ভাৰতীয় সংবিধান তথা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ে একোকে নাজানে। মমিনুল আৱালৰ দৰে আধামূৰ্খ, জধামূৰ্খই এই কথাবোৰ নজনা-নুশুনাকৈ মানুহৰ মাজত অপ-প্ৰচাৰ চলাই আছে,” ওলোটাই বিজেপি নেতাজনেহে অপপ্ৰচাৰ চলোৱা বুলি দাবী কৰি এই মন্তব্য গগৈৰ।

Related News