NORTHEAST NOW (Assamese)
Popular Stories

অখিলৰ খবৰ ন’ললে স্বাস্থ্য মন্ত্ৰীয়ে : নিৰন্তৰে খবৰ লৈ আছে অসুস্থ আজমল, সুস্মিতাৰ!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 12, 2020 2:42 pm
DelhiCITYNortGJE7AIQV53jpgjpg

মুম্বাইৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বদৰুদ্দিন আজমলৰ নিৰন্তৰ খবৰ লৈ আছে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজমলৰ লগতে কোভিড আক্ৰান্ত শিলচৰৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেব আৰু শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰো নিৰন্তৰে খবৰ লৈ আছে আৰু স্বাস্থ্যৰ নিৰীক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে।

এই কথাখিনি স্বয়ং স্বাস্থ্য মন্ত্ৰীয়ে টুইটযোগে জনাইছে।

বদৰুদ্দিন আজমলক টেগ কৰি টুইটাৰত হিমন্তই লিখিছে “বদৰুদ্দিন আজমল মুম্বাইৰ হস্পিতাল এখনত ভৰ্তি হৈ আছে। তেওঁৰ সামান্য শ্বাস প্ৰশ্বাস জনিত সমস্যাত ভুগিছে। মই তেওঁৰ পৰিয়ালৰ লগত সঘনাই যোগাযোগত আছো আৰু নিৰন্তৰে তেওঁৰ স্বাস্থ্যৰ নিৰীক্ষণ কৰি আছো। আশা কৰিছো তেওঁ সোনকালে সুস্থ হৈ উঠক।”

ঠিক সেইদৰে সুস্মিতা দেব আৰু বলিন চেতিয়াক টেগ কৰি টুইটাৰত স্বাস্থ্য মন্ত্ৰীয়ে লিখি কয় “শিলচৰৰ প্ৰাক্তন সাংসদ তথা মোৰ বান্ধৱী সুস্মিতা দেব কোভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পাছত শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। লগতে মোৰ অন্য এগৰাকী বন্ধু বিধায়ক বলিন চেতিয়া কোভিড-১৯ পজিটিভ হৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । মই তেওঁলোক দুজনৰ স্বাস্থ্যৰ বুজে লোৱাৰ লগতে দুয়োগৰাকীৰ লগতে কথাও পাতিছো।”

ৰাজনৈতিক মহলত চৰ্চা চলা অনুসৰি হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ পূৰ্বৰে পৰা সম্পৰ্ক ভাল। ঠিক সেইদৰে সতীৰ্থ হিচাপে বা বন্ধু হিচাপে সুস্মিতা দেব আৰু বলিন চেতিয়াৰ স্বাস্থ্যৰ বুজ লোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আৰু কৰ্তব্য। এইক্ষেত্ৰত কাৰো দ্বি-মত নাই।

একেটা সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ কালি কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈ বৰ্তমান GMCH ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ শৰীৰৰ অৱস্থা বৰ এটা ভাল নহয় বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে।

তেনে সময়ত তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লোৱাটো ৰাজ্যৰ এগৰাকী স্বাস্থ্য মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আৰু কৰ্তব্য আছিল বুলি ছচিয়েল মেডিয়াত সৰৱ চৰ্চা চলিছে।

কিছু সংখ্যকৰ মতে, ৰাজনৈতিকভাৱে মতাদৰ্শ দুয়োজনৰ অমিল হ’লেও যিহেতু অখিল গগৈৰ অৱস্থা অতিকৈ অসুস্থ গতিকে আজমল, সুস্মিতাৰ দৰে হিমন্তই তেওঁৰো খবৰ ল’ব লাগিছিল।

ইতিমধ্যে, সকলোৱে অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি ফেচবুকত লাখ লাখ ফেচবুক ব্যৱহাৰকাৰীয়ে পোষ্ট দিয়া পৰিলক্ষিত হৈছে।