NORTHEAST NOW (Assamese)
অসম

লোকসভাত ভাষণ দিবলৈ গৈ বাৰে বাৰে থমকি ৰ’বলগীয়া হ’ল মোদী,ক’লে কৃষি আইন কৃষক বিৰোধী নহয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2021 7:47 pm
a modi123

লোকসভাৰ মজিয়াত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে।

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক ভাষণত মোদীয়ে ক’ৰ’ণাৰ পৰা আৰম্ভ কৰি কৃষি আইনলৈকে কেইবাটাও বিষয় সামৰি লয়।

কৃষি আইনৰ বিষয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে ক’বলৈ আৰম্ভ কৰাৰ সময়তে কংগ্ৰেছে মোদীৰ ভাষণত বাধা দিবলৈ ধৰে।

কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে চিঞৰ বাখৰ কৰি মোদীৰ ভাষণত বাধা আৰোপ কৰাত উপায়ন্তৰ হৈ কিছু সময়ৰ বাবে মোদীয়ে ভাষণ বন্ধ কৰি বহি পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

কিছুসময় পিছত মোদীয়ে ভাষণ দিবলৈ আৰম্ভ কৰাত অধীৰ ৰঞ্জন চৌধুৰীয়ে থিয় হৈ পুনৰ হূলস্থূল কৰিবলৈ ধৰে।

মোদীয়ে এইবাৰ কঢ়া ভাষাত চৌধুৰীক সমালোচনা কৰি কয় যে কংগ্ৰেছে কেৱল কৃষি আইনৰ ৰং নিৰূপন কৰাতহে ব্যস্ত আছে।

এই আইনে কৃষকৰ কিদৰে উপকাৰ সাধিব সেয়া দলটোৱে কেতিয়াও পৰ্যালোচনা কৰা নাই বুলি মোদীয়ে কয়।

তেওঁ লগতে কয় যে কৃষি আইনে কোনো প্ৰকাৰে কৃষকৰ ক্ষতি সাধন নকৰে।

এই আইনে দেশত প্ৰচলিত মাণ্ডি ব্যৱস্থাত আজিলৈকে বিৰূপ প্ৰভাৱ পেলোৱা নাই বুলি মন্তব্য কৰি মোদীয়ে কয় যে আইন কেইখন হোৱাৰ ফলত কৃষকে এতিয়া উৎপাদিত শস্যৰ নূন্যতম সমৰ্থন মূল্য পূৰ্বতকৈ বেছিকৈহে পাব।

তেওঁ কোনো পৰিস্থিতিতে দেশৰ কৃষকসকলৰ ক্ষতি হ’বলৈ দিয়া নহ’ব বুলি দৃঢ়তাৰে কয়। ভাষণ প্ৰসংগতে মোদীয়ে কয় যে কোভিডৰ বিৰুদ্ধে জয়ী হোৱাত ভাৰত সফল হৈছে।

কোভিডে সৃষ্টি কৰা পৰিবেশৰ পৰা তেওঁ দেশবাসীক শিক্ষা গ্ৰহণৰো আহ্বান জনায়।